ETV Bharat / state

Barak Bandh: আৰক্ষীৰ বাধাক প্ৰত্যহ্বান কংগ্ৰেছৰ; বন্ধ সফল কৰাৰ বাবে ৰাইজক আহ্বান কংগ্ৰেছৰ - constituency delimitation in Assam

মঙলবাৰে বৰাক বন্ধৰ আহ্বান বৰাক ডেমক্ৰেটিক ফ্ৰন্টৰ ৷ এই বন্ধলৈ সমৰ্থন আগবঢ়াইছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বৰাকৰ বিধায়ক কেইজনে ৷

Called of Barak Bandh
Called of Barak Bandh
author img

By

Published : Jun 26, 2023, 10:52 PM IST

ন্ধ সফল কৰাৰ বাবে ৰাইজক আহ্বান কংগ্ৰেছৰ

কৰিমগঞ্জ, 26 জুন: সমষ্টিৰ সীমা নিৰ্ধাৰণৰ বিৰুদ্ধে আহ্বান জনোৱা বৰাক বন্ধ সফল কৰিবলৈ আহ্বান জনাই কাছাৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালে । তেওঁ কয় যে, প্ৰতিখন জিলাৰ কংগ্ৰেছৰ সভাপতিক থানালৈ মাতি আনি বৰাক বন্ধ প্ৰত্যাহাৰ কৰিবলৈ হেঁচা দিয়া হৈছে, কংগ্ৰেছে এই আৰক্ষী আৰু চৰকাৰী ৰঙা চকুক ভয় নকৰে ।

সমষ্টিৰ সীমা নিৰ্ধাৰণৰ বিৰুদ্ধে কংগ্ৰেছৰ আহ্বানত কাইলৈ ​​অৰ্থাৎ মঙলবাৰে বৰাক বন্ধ সফল কৰিবলৈ সোমবাৰে শিলচৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰে । কাছাৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালে সংবাদমেলখন সম্বোধন কৰে ।

তেওঁ কয় যে, চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে বন্ধ বিফল কৰিবলৈ চেষ্টা চলাইছে । প্ৰতিখন জিলাৰ কংগ্ৰেছৰ সভাপতিক থানালৈ মাতি বৰাকে বন্ধ প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে । অভিজিৎ পালে কয়, কংগ্ৰেছে আৰক্ষী আৰু চৰকাৰক ভয় নকৰে । সমষ্টিৰ সীমা নিৰ্ধাৰণৰ প্ৰতিবাদত প্ৰতিজন কংগ্ৰেছ কৰ্মীয়েই জেললৈ যাবলৈও সাজু ।

লগতে পঢ়ক: Congress against Delimitation:মুখ্যমন্ত্ৰীক বিভাজনমুখী ৰাজনীতি নকৰিবলৈ অনুৰোধ বিধায়কৰ

অভিজিৎ পালে কয় যে, বৰাক বন্ধ কেতিয়াও ব্যৰ্থ কৰিব নোৱাৰে চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে । গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছে । কাইলৈ ​​অৰ্থাৎ মঙলবাৰে বিভিন্ন দল-সংগঠনৰ সমৰ্থকসকলে বন্ধক সমৰ্থন কৰিবলৈ খেলপথাৰলৈ আহিব । অভিজিৎ পালে চৰকাৰক এই সীমা নিৰ্ধাৰণৰ খচৰা পুনৰ বিবেচনা কৰিবলৈ দাবী জনায় । বৰাক উপত্যকাত আসন, হ্ৰাস কৰাৰ পৰিৱৰ্তে বৃদ্ধি কৰিব লাগে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । যদি এই দাবীসমূহ মানি লোৱা নহয় তেন্তে অনাগত দিনতো তেওঁলোকে গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব বুলিও তেওঁ কয় ।

উল্লেখ্য যে, বৰাক ডেমক্ৰেটিক ফ্ৰন্টে আহ্বান জনোৱা বন্ধৰ প্ৰতি সঁহাৰি জনাইছে কংগ্ৰেছৰ লগতে এ আই ইউ ডি এফৰ বৰাকৰ বিধায়ককেইজনে ৷ অৱশ্য়ে দেওবাৰে কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই এই বন্ধ কোনো কাৰণতে সফল হ’বলৈ নিদিয়ে বুলি সঁকীয়াই দিছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.