শিলচৰ, 20 জুনঃ 15 জুনত লাডাখৰ গালোৱানত চীন-ভাৰত সীমান্ত চীনা সেনাই ভাৰতীয় সেনাক আক্ৰমণ কৰাৰ পাচত চীনৰ বিৰুদ্ধে সৰ্বত্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে । শিলচৰতো দেখিবলৈ পোৱা গ'ল চীনৰ বিৰুদ্ধে প্ৰতিবাদ । শুকুৰবাৰে শিলচৰতো জ্বলিল চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিংৰ প্ৰতিকৃতি, চীনৰ ৰাষ্ট্ৰীয় পতাকা । মালোগ্ৰামত প্ৰতিবাদ সাব্যস্ত কৰে কাছাৰ জিলা মালোগ্ৰাম শাখা বজৰং দলৰ কৰ্মকৰ্ত্তা সকলে ৷

আনফালে বৰাক ভেলি য়ুথ উইনিয়নৰ কৰ্মকর্তা সকলেও চীনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷


ইপিনে শিলচৰৰ ক্ষুদিৰাম মূৰ্ত্তিৰ ওচৰত গিৰিক ভাৰতৰ কৰ্মকর্তা সকলে পৃথকে আন এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ তেওঁলোকেওঁ চীনৰ পতাকা আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিংৰ পুত্তলিকা দাহ কৰে ৷ আকৌ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দ্বাৰাও এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় জিলাখনত ৷

ইপিনে, শিলচৰ যুৱ কংগ্ৰেছে সমিটিয়েও মম বাটি প্ৰজ্বলন কৰি শ্বহীদ সেনা জোৱান সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷