ETV Bharat / state

সীমান্তত মিজো দুষ্কৃতিকাৰীৰ ভয়ত ঘৰবাৰী এৰি পলাইছে অসমীয়াই - এক শান্তি পূৰ্ণ পৰিৱেশ

সীমান্তত অব্য়াহত আছে অসম মিজো ভূমি বিবাদ ৷ মিজোৱে বিঘাই বিঘাই দখল কৰিছে অসমৰ ভূমি ৷ প্ৰাণৰ ভয়ত ঘৰবাৰী এৰি নিৰাপদ স্থানলৈ পলাইছে সীমান্তত থকা অসমীয়াই ৷

Assam Mijoram border conflict
সীমান্তত মিজো দুষ্কৃতিকাৰীৰ ভয়ত ঘৰবাৰী এৰি পলাইছে অসমীয়াই
author img

By

Published : Oct 31, 2020, 2:23 PM IST

শিলচৰ,31 অক্টোবৰ: অসম আৰু মিজোৰামৰ সীমান্তত অব্য়াহত আছে অসম মিজো ভূমি বিবাদ ৷ মিজো দুষ্কৃতিকাৰীয়ে দখল কৰিছে বিঘাই বিঘাই অসমৰ ভূমি ৷ সীমান্তত গাঁও এৰি পলাবলগীয়া হৈছে বহু অসমীয়া পৰিয়ালে ৷ নিজ ভূমিতেই এতিয়া সুৰক্ষিত নহয় তেওঁলোক ৷ মিজো দুষ্কৃতিকাৰীৰ উপদ্ৰৱ সহ্য কৰিব নোৱাৰি তুলাৰথল গাঁৱৰ ৰাইজে নিজ ঘৰবাৰী এৰি নিৰাপদ স্থানলৈ পলাইছে মিজো সকলৰ ভয়ত ৷ কণ কণ শিশুসকলেও প্ৰাণৰ ভয়ত পলাবলৈ বাধ্য় হৈছে সীমান্তৰ পৰা ৷ পূৰ্বতেও অসম আৰু মিজোৰাম সীমান্তত মিজোৱে চলাইছিল আগ্ৰাসন ৷ ভয় ভাবুকিৰে দখল কৰি আহিছে অসমৰ ভুমি ৷ চুবুৰীয়া ৰাজ্য় মিজোৰামৰ পৰা এক শান্তি পূৰ্ণ পৰিৱেশ বিচাৰে সীমান্তত থকা অসমীয়াই ৷

লগতে পঢ়ক: বন্যহস্তীৰ ত্ৰাসত ত্ৰস্তমান উমৰাংছুবাসী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.