ETV Bharat / state

সীমান্তত শান্তি-শৃংখলা বজায় ৰখাৰ আহ্বান প্ৰধান গৃহ সচিব জি ডি ত্ৰিপাঠীৰ

author img

By

Published : Oct 21, 2020, 10:04 PM IST

বুধবাৰে সীমান্তত থকা সেনাৰ অতিথিশালাত অনুষ্ঠিত হয় গৃহ সচিব পৰ্যায়ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ তিনি ঘন্টা জুৰি চলা এই বৈঠকত উপস্থিত থাকে অসমৰ প্ৰধান গৃহ সচিবৰ লগতে মিজোৰামৰ মুখ্য সচিব আৰু বৰাকৰ তিনি জিলাৰ উপায়ুক্ত ৷

Assam and Mizoram chief secretary level meeting

শিলচৰ, 21 অক্টোবৰ : অসম-মিজোৰাম সীমান্তত সংঘটিত বিশৃংখলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে অসমৰ চৰকাৰে ৷ বুধবাৰে সীমান্তত থকা সেনাৰ অতিথিশালাত অনুষ্ঠিত হয় গৃহ সচিব পৰ্যায়ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ তিনি ঘন্টা জুৰি চলা এই বৈঠকত উপস্থিত থাকে অসমৰ প্ৰধান গৃহ সচিবৰ লগতে মিজোৰামৰ মুখ্য সচিব আৰু বৰাকৰ তিনি জিলাৰ উপায়ুক্ত ৷ শান্তি প্ৰক্ৰিয়া অটুত ৰখাৰ বাবে আহ্বান জনায় লায়লাপুৰত আৱদ্ধ হৈ থকা সামগ্ৰী ভৰ্তি ট্ৰাকসমূহ মিজোৰামলৈ যাবলৈ নিৰ্দেশ দিছে জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীৰ ৷

সীমান্তত শান্তি-শৃংখলা বজায় ৰখাৰ আহ্বান প্ৰধান গৃহ সচিব ত্ৰিপাঠীৰ

আনহাতে অসমৰ ভূমি মিজোৰামে দখল কৰাক লৈ সীমান্ত অঞ্চলত অব্যহত আছে প্ৰতিবাদ ৷ লক্ ডাউনৰ গইনা লৈ অসম-মিজোৰাম সীমান্তত ভূমি দখলত নামি পৰিছিল মিজো ৷ অসমৰ ভূমি বেদখল কৰি তাত কিছু আন্তঃগাঁঠনিও নিৰ্মাণ কৰিছিল মিজো লোকে ৷ কিন্তু কৰিমগঞ্জৰ উপায়ুক্তই সেই স্থানত উপস্থিত হৈ ধ্বংস কৰিছিল নিৰ্মাণ কৰা আন্তঃগাঁঠনি ৷ কিন্তু এই ঘটনাৰ প্ৰায় চাৰি দিন পাচতেই লাইলাপুলত সংঘটিত হয় অভাৱনীয় ঘটনা ৷

আগ্ৰাসী মিজোৰ অমানৱীয় আক্ৰমণৰ বলি হয় সীমান্তৰ অসমীয়া লোকসকল ৷ মিজো দুৰ্বৃত্তই মাৰ-পিট কৰাৰ লগতে জ্বলাই দিয়ে বহুকেইটা বাসগৃহ ৷ আনকি মিজো দুৰ্বৃত্তই সেই স্থানত গুলী চালনা কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ এই ঘটনাৰ ফলত আহত হৈছে বহু কেইগৰাকী লোক ৷ বৰ্তমান সান্ধ্য আইন জাৰীৰ ফলত পৰিস্থিতি কিছু শাম কাটিছে যদিও উমি উমি জ্বলি আছে সীমা বিবাদৰ জুইকুৰা ৷

লগতে পঢ়ক : কাৰ্বি আংলঙত 16 টা বাঘৰ দাঁত উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.