শিলচৰ, ১৬ জুন : শিলচৰৰ কনকপুৰত সংঘটিত হৈছে এক জঘন্য কাণ্ড । আত্মীয়ৰ যৌন নিৰ্যাতনৰ বলি হ'ল এগৰাকী ৮ বছৰীয়া কিশোৰী । জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া ছেলিম উদ্দিন নামৰ এক ৬৫ বছৰীয়া বৃদ্ধজনে কিশোৰীগৰাকীক ঘৰৰ পৰা ফুচুলাই নি ধৰ্ষণকাণ্ড সংঘটিত কৰে ৷
লম্পট বৃদ্ধজনে এই জঘন্য কাণ্ড সংঘটিত কৰাৰ সময়ত এজন যুৱকে প্ৰত্যক্ষ কৰে । লগে লগে ঘটনাস্থলীত পৰিয়ালৰ লোক আৰু স্থানীয় লোক একত্ৰিত হয় ৷ কিন্তু ধৰ্ষণকাৰী ছেলিম উদ্দিনে পলায়ন কৰিবলৈ সক্ষম হয় ।
এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম শইকীয়াই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে লম্পট বৃদ্ধজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই ৷ ধৰ্ষণকাৰী ছেলিম উদ্দিন অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল আৰু কিশোৰীগৰাকীৰ আত্মীয় ৷
আনহাতে, ঘটনাৰ পিছতে লম্পট বৃদ্ধজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে স্থানীয় লোকসকলে । ইফালে, ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে শিলচৰ সদৰ আৰক্ষী চকীত ছেলিম উদ্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ন্যায়ৰ দাবী জনাইছে ৷
লগতে পঢ়ক:কৰিমগঞ্জ আৰক্ষীৰ জালত বন মাফিয়া মিলি