কাছাৰ, 4 আগষ্ট : কাছাৰ জিলাৰ সোনাই কাজিডহৰত এক অপহৰণৰ ঘটনা সংঘটিত হৈছে ৷ ঘৰৰ খিৰিকী ভাঙি 5 মহীয়া শিশুক অপহৰণ কৰাৰ ঘটনা সংঘটিত হৈছে জিলাখনত ৷ পৰৱৰ্তী সময়ত অপহৰণকাৰীয়ে ফোন যোগে 10 লাখ টকা ধন দাবী কৰাৰ অভিযোগ উখাপন হৈছে ৷
তথ্য অনুসৰি, কাছাৰ জিলাৰ সোনাই সমষ্টিৰ কাজিডহৰ দ্বিতীয় খণ্ডৰ দেৱজ্যােতি নাথ নামৰ ব্যক্তিৰ ঘৰত এক অস্ত্ৰধাৰী দলে ঘৰৰ খিৰিকী ভাঙি তেওঁৰ 5 মহীয়া শিশু ধ্ৰৱজ্যোতি নাথক অপহৰণ কৰি নিয়াৰ অভিযোগ উখাপন হৈছে ৷ পৰৱৰ্তী সময়ত ফোন যোগে অপহৰণকাৰী দলটোৱে শিশুটিৰ মুক্তিৰ বাবে পৰিয়ালটোক 10 লাখ টকা দাবী কৰাৰ অভিযোগ কৰিছে পিতৃয়ে ৷
আনহাতে, এই ঘটনাৰ পিচত ঘটনাস্থলীত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক জগদীশ দাস উপস্থিত হৈ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ৷ কিন্তু 5 মহীয় শিশুক অপহৰণ কৰাৰ ঘটনাই বৰ্তমান অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক : কাকপথাৰত AJYCP ৰ মানৱ-শৃংখল কাৰ্যসূচী