ETV Bharat / state

কেনেকৈ নষ্ট হ’বলৈ পালে শিলচৰলৈ পঠিওৱা 1000 ক’ভিড ভেকচিন !

author img

By

Published : Jan 20, 2021, 5:33 PM IST

Updated : Jan 20, 2021, 8:59 PM IST

শিলচৰ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ চূড়ান্ত কাণ্ডজ্ঞান হীনতা ৷ নষ্ট কৰিলে 1000 ক’ভিড-19ৰ ভেকচিন ৷ প্ৰয়োজনতকৈ 10 গুণ অধিক ভেকচিন পঠিওৱা হৈছিল চিকিৎসালয় খনলৈ ৷

Covid Vaccines
Covid Vaccines

শিলচৰ, 20 জানুৱাৰী : শিলচৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ ১০০০ ক’ভিড ভেকচিন নষ্ট হৈছে চিকিৎসা মহাবিদ্যালয় খনত ৷ নিম্ন তাপমাত্ৰাৰ ফ্ৰীজত ৰখাৰ বাবে এই বিপত্তি । শনিবাৰে শিলচৰ মেডিকেল কলেজত ভেকচিন প্ৰদান কৰা হৈছিল ১০০ জনক ৷

সূত্ৰ মতে ভেকচিন দিয়াৰ আগদিনা অৰ্থাৎ শুকুৰবাৰে প্ৰয়োজনতকৈ দহ গুণ অধিক অৰ্থাৎ ১০০০ ভেকচিন মেডিকেল কলেজ হাস্পতালখনলৈ পঠোৱা হয় ৷ এই ভেকচিন মজুত ৰাখিব লাগে 2 ৰ পৰা ৮ ডিগ্ৰী চেন্টিগ্ৰেড তাপমাত্ৰাত ৷ কিন্তু শিলচৰ মেডিকেল কলেজত সেই বিধি পালন কৰা নহ’ল ৷ নিৰ্ধাৰিত তাপমাত্ৰাতকৈ কম তাপমাত্ৰাত ভেকচিনখিনি ৰখা হৈছিল বুলি জানিব পৰা গৈছে ৷

কেনেকৈ নষ্ট হ’বলৈ পালে শিলচৰলৈ পঠিওৱা 1000 ক’ভিড ভেকচিন !

যাৰবাবে শনিবাৰে পুৱা বৰফ হৈ পৰে উদ্ধাৰ কৰা হয় প্ৰতিটো ভেকচিন ৷ সম্পূৰ্ণভাৱে ব্যৱহাৰৰ অনুপযোগী হৈ পৰে এই ভেকচিন খিনি ৷ ইয়াৰ পাচত স্বাস্থ্য বিভাগৰ ফালৰ পৰা আৰু ১০০ ভেকচিন মেডিকেল কলেজত পঠিয়াই দিয়া হয় ৷ শিলচৰ মেডিকেল কলেজ কৰ্তৃপক্ষৰ চূড়ান্ত কাণ্ড-জ্ঞানহীনতা আৰু গাফিলতিৰ ফলত নষ্ট হ’ল মূল্যবান এই ভেকচিন সমূহ ৷ চিকিৎসা মহাবিদ্যালয় খনলৈ প্ৰয়োজনতকৈ দহগুণ অধিক ভেকচিন কিয় পঠিওৱা হৈছিল বুলিও প্ৰশ্ন তুলিছে একাংশই ৷

লগতে পঢ়ক : ভাৰতে ভূটানলৈ উপহাৰ হিচাপে দিলে 1.5 লাখ ক’ভিডছিল্ড

Last Updated : Jan 20, 2021, 8:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.