বঙাইগাঁও,9 জানুৱাৰী : চিৰাঙৰ পশ্চিম এংকৰবাৰী গাঁৱৰ এটি দুৰ্ভগীয়া কিশোৰ ৷ এডাল তামোল গছত কঁকালত বান্ধি থোৱা হৈছে কিশোৰটিক ৷ বিগত এসপ্তাহ ধৰি পৰিয়ালৰ লোকে এনেদৰে বান্ধি ৰাখিছে গোপাল বৰ্মন নামৰ 17 বছৰীয়া কিশোৰটিক ৷ কিন্তু কিয়?
কিশোৰটিক লৈ পৰিয়ালত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ ৷ উল্লেখ্য যে,বিগত তিনিমাহ পূৰ্বৰ পৰাই জ্বৰত ভুগি থকা গোপালক চিকিৎসা কৰাৰ পাচতো সুস্থ নহ’ল কিশোৰটি ৷ জ্বৰৰ প্ৰকোপত মূৰৰ কিছু বিকৃতি ঘটাৰ বাবে পথচাৰীকো মাৰ-ধৰ কৰে গোপালে ৷ উপায়হীন হৈ গোপালৰ মাতৃয়ে গোপালক তামোলৰ গছত বান্ধি থবলৈ বাধ্য হয় ৷
ইফালে পদপথৰ এখন চাহ দোকানত কাম কৰা অসহায় মাতৃয়ে খুজি-মাগি গোপালৰ চিকিৎসা কৰাইছে যদিও বৰ্তমানো অসুস্থ অৱস্থাত আছে গোপাল ৷ সেয়েহে ৰাজ্য চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰীক গোপালৰ সু-চিকিৎসাৰ বাবে কিছু সহায় আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া মাতৃয়ে ৷
লগতে পঢ়ক : এজাক কণমানিৰ কণ্ঠত চাৰে জাহা চে অচ্ছা...