ETV Bharat / state

ঋণ ৰেহাইৰ দাবীত বঙাইগাঁৱত মহিলাৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jun 16, 2021, 12:34 PM IST

বঙাইগাঁৱৰ অদলাগুৰিত মাইক্ৰ'ফাইনেঞ্চৰ ঋণ লোৱা মহিলাৰ প্ৰতিবাদ । ঋণ ৰেহাইৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অৰ্ধ শতাধিক মহিলাই ৷ প্ৰতিবাদকাৰী মহিলাসকলে চৰকাৰৰ চৰ্ত মানি নলয় বুলিও উল্লেখ কৰে ।

women-self-help-group-mambers-hold-protest-in-bangaigaon
ঋণ ৰেহাইৰ দাবীত বঙাইগাঁৱত মহিলাৰ উত্তাল প্ৰতিবাদ

বঙাইগাঁও,16 জুন : ঋণ ৰেহাইৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে চৰ্ত আৰোপ কৰাৰ পাছৰে পৰা প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্যৰ মহিলাসকল ৷ ঋণ ৰেহাইৰ দাবীত মঙলবাৰে বঙাইগাঁওৰ অদলাগুৰিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অৰ্ধ শতাধিক মহিলাই ৷

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ড৹ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক উদ্দেশ্যি মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও নিৰ্বাচনৰ পিছত প্ৰতিশ্ৰুতি পূৰণ নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে এইসকল মহিলা ৷ অদলাগুৰিত মঙলবাৰে ৪ টা আত্মসহায়ক গোটৰ প্ৰায় অৰ্ধ শতাধিক মহিলাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী মহিলাসকলে চৰকাৰৰ চৰ্ত মানি নলয় বুলিও প্ৰকাশ কৰে ।

উল্লেখ্য যে, ৰাজ্যৰ চৰকাৰে শেহতীয়াকৈ ঋণ মুক্ত কৰাৰ ক্ষেত্ৰত কেইবাটাও চৰ্ত বান্ধি দিছে ৷ চৰ্ত অনুসৰি ঋণ ৰেহাইৰ ক্ষেত্ৰত ঋণ লোৱা পৰিয়ালৰ বাৰ্ষিক আয় এক লাখ টকা হ'ব লাগিব ৷ পৰিয়ালটোত এজনতকৈ বেছি ঋণ লোৱা ব্যক্তি থাকিব নোৱাৰিব ৷

ইফালে, 2020 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে ঋণ অনাদায়ৰ ক্ষেত্ৰত বেংকে নন পাৰ্ফমিং এচেট ঘোষণা কৰিলে তেতিয়া ঋণ লওঁতাজন ঋণ ৰেহাইৰ পৰা বঞ্চিত হ'ব ৷ তদুপৰি ঋণ লোৱাৰ সময়ত ভাৰতীয় ৰিৰ্জাভ বেংকৰ নীতি অনুসৰণ কৰা ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে ৰাজ্য চৰকাৰে ঋণ ৰেহাই বিষয়ত গঠন কৰি দিয়া সমিতিয়ে ৷

লগতে পঢ়ক: মাত্ৰ দহ দিনৰ ভিতৰতে চাবুৱাত পুনৰ মুন্নাভাইৰ আবিৰ্ভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.