Bhupen Borah counter reply to Prashanta Phukan: চটফটনিৰ সীমা নোহোৱা হৈছে প্ৰশান্ত ফুকনৰ
বিজেপি বিধায়ক প্ৰশান্ত ফুকনে শেহতীয়াকৈ কংগ্ৰেছ দলক লৈ কৰা মন্তব্যৰ ৰাজহুৱা প্ৰত্যুত্তৰ দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই (Bhupen Borah criticizes Prashanta Phukan)। প্ৰশান্ত ফুকনক ক্ষমতাৰ বাহিৰে আন একো চিনি নোপোৱা মূল্যবোধহীন নেতা আখ্যা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ৷
Bihar Political Crisis : বিহাৰৰ ৰাজনীতিত নাটকীয় মোৰ, ৰাজ্যপালক সাক্ষাতৰ সময় বিচাৰিলে নীতিশ কুমাৰে
নীতিশ কুমাৰৰ জেডিইউৰ সৈতে বিজেপিৰ স্নায়ু যুদ্ধৰ বিষয়টোক লৈ বহু দিনৰ পৰাই ৰাজনীতিৰ ময়দানত গুঞ্জন উঠিছিল । সম্প্রতি দুয়ো শিবিৰৰ মাজত সম্পর্কৰ ফাঁট আৰু স্পষ্ট হৈছে । নৰেন্দ্র মোডী নেতৃত্বাধীন নিটি আয়োগৰ (NITI Aayog meeting led by Narendra Modi) বৈঠকত অংশগ্ৰহণ নকৰিলৈ নীতিশ কুমাৰে । তাক কেন্দ্ৰ কৰিয়ে আৰম্ভ হয় নতুন চৰ্চা ।
Militant ambush at Changlang: উগ্ৰপন্থীৰ আক্ৰমণত আহত অসম ৰাইফলছৰ এজন JCO
পুৱতি নিশা ভাৰত-ম্যানমাৰ সীমান্তত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষত অসম ৰাইফলছৰ এজন JCO সামান্যভাৱে আঘাতপ্ৰাপ্ত হোৱা তথ্য সদৰী কৰিছে ভাৰতীয় সেনাৰ প্ৰতিৰক্ষা বিভাগে (JCO injured in Militant Attack in Changlang)। অৰুণাচলৰ পাংচুপাছ, নাকনৌ আৰু নাগালেণ্ডৰ চেৰামতাসহ তিনিটা স্থানত সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ উগ্ৰপন্থীৰ ৷
Fraud arrested by Police: আৰক্ষী বিষয়াৰ পৰিচয় দিয়া পিংকু দাস বোকাখাত আৰক্ষীৰ জালত
আৰক্ষী বিষয়াৰ পৰিচয় দি বহু দুষ্কাৰ্য কৰা পিংকু দাস অৱশেষত পৰিল আৰক্ষীৰ জালত(Fraud arrested by Police) । বোকাখাতত এখন স্ক'ৰপিঅ' বাহনসহ প্ৰৱঞ্চক পিংকু দাসক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
Recruitment scam in Health department: অনুসন্ধানৰ আওঁতালৈ শিৱসাগৰ জিলাৰ ৯১ গৰাকী স্বাস্থ্য কৰ্মচাৰী
শিক্ষক নিযুক্তিৰ পাছত এইবাৰ শিৱসাগৰত স্বাস্থ্যকৰ্মী নিযুক্তি কেলেংকাৰী (Recruitment scam in Health department) ৷ 91 গৰাকী স্বাস্থ্য বিভাগৰ কৰ্মচাৰী অনুসন্ধানৰ আওঁতালৈ ৷ নিযুক্তিৰ তথ্য দাখিলৰ নিৰ্দেশ স্বাস্থ্য সঞ্চালকালয়ৰ ৷ তথ্য লাভৰ পিচত সম্পন্ন হ'ব অনুসন্ধান ৷
Income tax raid at Athgaon : ব্যৱসায়ী জে পি আগৰৱালাৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান
ৰাজস্থান লাইম উদ্যোগৰ স্বত্বাধিকাৰী জে পি আগৰৱালাৰ বাসগৃহত চলিল আয়কৰ বিভাগৰ অভিযান । গুৱাহাটীৰ আঠগাঁওস্থিত ব্যৱসায়ীগৰাকীৰ বাসগৃহত আজি পুৱাৰে পৰা চলিল অভিযান । বহু নথিপত্ৰ জব্দ কৰাৰ তথ্য পোৱা গৈছে ।
March on Independence Day : অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়ানৰ পদযাত্ৰা
সমাগত স্বাধীনতা দিৱস । তাৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়ানৰ উদ্যোগত উত্তৰ গুৱাহাটীত পদযাত্ৰা (Road Show in North Guwahati)। হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ পদযাত্ৰাত ভাগ ল'লে সহস্ৰাধিক জোৱানে ।
Cow brutally attacked by miscreants: কোন কুলাংগাৰে জীৱন্তে ঘপিয়ালে ছজনীকৈ গাই গৰুক
সোমবাৰে নিশা পথালিপাহাৰস্থিত বিজয় ভূঞা নামৰ ব্যক্তিজনৰ জাৰ্চী গাই ফাৰ্মখনৰ ৬ জনী জাৰ্চী গৰুক কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ঘপিয়াই থৈ যায় (Cow brutally attacked by miscreants) । ইতিমধ্যে ইয়াৰে ২ জনী গাই গৰুৰ মৃত্যু হৈছে । দেখিলে গাৰ নোম শিয়ৰি উঠা এই ঘটনা সংঘটিত কৰিছে কোনো মানৱ ৰূপী কোনো কুলাংগাৰ দানৱে ।
Azadi Ka Amrit Mahotsav: ভাৰত-চীন সীমান্তত সশস্ত্ৰ সীমা বলৰ 'হৰ ঘৰ ত্ৰিৰংগা'
ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ(75th years of Independence of India)হোৱাৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav)ৰ লগত সংগতি ৰাখি দেশজুৰি আৰম্ভ হৈছে 'ঘৰ-ঘৰ ত্ৰিৰংগা’ অভিযান ৷ এই অভিযানৰ লগত সংগতি ৰাখি ভাৰত-চীন সীমান্তৰ গাওঁ সমূহত সশস্ত্ৰ সীমা বলৰ সংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ ।
Bihpuria MLA busy with agricultural work : ভূঁই ৰোৱাত ব্যস্ত বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞা
তিয়া ভূঁই ৰোৱাৰ সময় । প্ৰতিকূল বতৰৰ লগতে বানপানীৰ বাবে কিছু পলম হ'লেও বৰ্তমান কৃষকসকল পথাৰত ব্যস্ত হৈ পৰিছে । প্ৰতিকূলতাৰ বাবে আনকি বহু কৃষক এইবাৰ হতাশ হোৱাও দেখা গৈছে । কিন্তু ইয়াৰ মাজতে কৃষকসকলক কিছু উৎসাহ দিয়াৰ উদ্দেশ্যে পথাৰত নামিল বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা (Bihpuria MLA busy in paddy field)।