ETV Bharat / state

চৰকাৰে ৰেল বিভাগক লোকচান ভৰাবলৈ বুদ্ধি পাঙিছে ! - ভাৰত

বিজেপি চৰকাৰে ৰেল বিভাগক লোকচান ভৰাবলৈ বুদ্ধি পাঙিছে ৷ কিয়নো ৰেল বিভাগক লোকচানত চলা বুলি দেখুৱাব পাৰিলেই মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ইয়াক পুজিপতি গোষ্ঠীৰ হাতত বিক্ৰী কৰিব পাৰিব ৷

চৰকাৰে ৰেল বিভাগক লোকচান ভৰাবলৈ বুদ্ধি পাঙিছে !
author img

By

Published : Jul 2, 2019, 10:02 AM IST

Updated : Jul 2, 2019, 11:20 AM IST

বঙাইগাঁও,২ জুলাই : সোমবাৰে অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ আহ্বানত সমগ্ৰ ভাৰতীয় ৰেলতেই ক'লা দিৱস পালন কৰা হয়। ভাৰতীয় ৰেল বিভাগে আগন্তুক এশ দিনীয়া পৰিকল্পনা অনুসৰি ৰেল বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিবলৈ লোৱা পদক্ষেপৰ প্ৰতিবাদত এই ক'লা দিৱস পালন কৰা হয়। এই পৰিপ্ৰেক্ষিততেই নিউ বঙাইগাঁওত সোমবাৰে এখন সভাৰ আয়োজন কৰা হয়।

etv bharat assam
সমগ্ৰ ভাৰতীয় ৰেলতেই ক'লা দিৱস পালন

অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ নেতৃত্বত ১ জুলাইৰ পৰা ৭ জুলাইলৈকে সমগ্ৰ ভাৰতত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ৷ সোমবাৰৰ এই প্ৰতিবাদী সভাত ইউনিয়নৰ কেন্দ্ৰীয় উপ সভাপতি ফণীধৰ দাস,যুটীয়া সম্পাদক আশীষ বিশ্বাস,সাংগঠনিক সম্পাদক তন্ময় শক্তি ৰাহা,কাৰখানা শাখাৰ সভাপতি আৰু সম্পাদক ক্ৰমে নিৰ্মল চক্ৰৱৰ্তী আৰু পবিত্ৰ বৰ্মন,বঙাইগাঁও শাখাৰ সম্পাদক শম্ভু প্ৰসাদ দাস,নিউ বঙাইগাঁও শাখাৰ সম্পাদক মৃণাল শীলকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে। সভাত ভাষণ প্ৰদান কৰি ইউনিয়নৰ কেন্দ্ৰীয় উপ সভাপতি ফণীধৰ দাসে কয় যে অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনে এই অন্যায় কেতিয়াও সহ্য নকৰে আৰু ইয়াৰ বিপক্ষে দেশব্যাপী আন্দোলন গঢ়ি তুলিব। উল্লেখ্য যে সোমবাৰে বঙাইগাঁৱৰ লগতে বিভিন্ন স্থান যেনে ৰঙিয়া,গুৱাহাটী,ৰঙাপৰা,মালিগাঁও,লামডিং,তিনিচুকীয়া,শিমলুগুৰি আদিতো মজদুৰ ইউনিয়নৰ কৰ্মীসকলে ক'লা বেজ পিন্ধি ক'লা দিৱস পালন কৰে।

Intro:বঙাইগাঁওৰ নিউবঙাইগাঁও ৰেল ৱৰ্কশ্বপত ৰেল কৰ্মচাৰূ সকলৰ প্ৰতিবাদী কলা দিৱস উদযাপন । Body:
“কাৰোবাক যদি আপোনাৰ মাৰিবলৈ মন গৈছে তেন্তে প্ৰথমে তেওঁৰ বদনাম কৰক ৷ আৰু তাৰ পিছত তেওঁক মাৰক কিয়নো তেতিয়া তেওঁৰ মৃত্যুৰ লগে লগে তেওঁৰ অস্তিত্ব নিঃশেষ হৈ যাব ৷ ৰেল বিভাগৰ বিৰুদ্ধে এই একেই পলিচি গ্ৰহণ কৰিছে ৷ ভাৰত চৰকাৰে ৷ এই চৰকাৰে আজি প্ৰকাৰন্তৰে বুদ্ধি পাঙিছে ৰেল বিভাগক লোকচান ভৰাবলৈ ৷ কিয়নো ৰেল বিভাগক লোকচানত চলা বুলি দেখুৱাব পাৰিলেই মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ইয়াক বিক্ৰী কৰিব পাৰিব পুজিপতি গোষ্ঠীৰ হাতত ৷ আৰু সেইদিনা এই ভাৰতীয় ৰেল সাধাৰণ লোকৰ বাবে যাতায়তৰ আহিলা হৈ নাথাকিব ৷ ই হৈ পৰিব ধনিক শ্ৰেণীৰ যাতায়ত ,” এই ভাষ্য উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ যুটীয়া সম্পাদক আশীষ বিশ্বাসৰ ৷ আজি উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ নিউ বঙাইগাঁও কাৰখানা শাখাৰ উদ্যোগত আৰু বঙাইগাঁও , নিউ বঙাইগাঁও আৰু ৰানিং শাখাৰ সহযোগত নিউ বঙাইগাঁও ৰেল কাৰখানাৰ সন্মুখত আয়োজন কৰা এক প্ৰতিবাদী সভাত ভাষণ প্ৰদান কৰি এইদৰে কয় নেতাগৰাকীয়ে ৷ ভাৰতীয় ৰেল বিভাগে আগন্তুক এশ দিনীয়া পৰিকল্পনা অনুসৰি ৰেল বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিবলৈ লোৱা পদক্ষেপৰ প্ৰতিবাদত অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ আহ্বানত আজি সমগ্ৰ ভাৰতীয় ৰেলতেই কলা দিৱস পালন কৰা হয় ৷ এই পৰিপ্ৰেক্ষিততেই নিউ বঙাইগাঁওত আয়োজন কৰা এক সভাত এইদৰে মন্তব্য কৰে নেতাগৰাকীয়ে ৷ সভাত ভাষন প্ৰদান কৰি ইউনিয়নৰ কেন্দ্ৰীয় উপ সভাপতি ফণীধৰ দাসে কয় যে অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনে এই অন্যায় কেতিয়াও সহ্য নকৰে আৰু ইয়াৰ বিপক্ষে দেশব্যাপী আন্দোলন গঢ়ি তুলিব ৷

বাইট : ৰেল কৰ্মচাৰী ।
Conclusion:উল্লেখযোগ্য যে অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ নেতৃত্বত ১ জুলাইৰ পৰা ৭ জুলাইলৈকে সমগ্ৰ ভাৰতত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হব ৷ আজিৰ এই প্ৰতিবাদী সভাত ইউনিয়নৰ কেন্দ্ৰীয় উপ সভাপতি ফণীধৰ দাস , যুটীয়া সম্পাদক আশীষ বিশ্বাস , সাংগঠনিক সম্পাদক তন্ময় শক্তি ৰাহা , কাৰখানা শাখাৰ সভাপতি আৰু সম্পাদক ক্ৰমে নিৰ্মল চক্ৰৱৰ্তী আৰু পবিত্ৰ বৰ্মন , বঙাইগাঁও শাখাৰ সম্পাদক শম্ভু প্ৰসাদ দাস , নিউ বঙাইগাঁও শাখাৰ সম্পাদক মৃণাল শীলকে কেইবাগৰাকীও নেতা উপস্থিত থাকে ৷ উল্লেখযোগ্য যে বঙাইগাঁওৰ লগতে আজি বিভিন্ন স্থান যেনে ৰঙিয়া , গুৱাহাটী , ৰঙাপৰা , মালিগাঁও , লামডিং , তিনিচুকীয়া , শিমলুগুৰি আদিতো মজদুৰ ইউনিয়নৰ কৰ্মীসকলে কলা বেজ পিন্ধি কলা দিৱস পালন কৰে ৷

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
Last Updated : Jul 2, 2019, 11:20 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.