চিৰাং, 6 জানুৱাৰী : চৰকাৰী সকলো সাহাৰ্য্যৰ পৰা বঞ্চিত বঙাইগাঁও জিলাৰ এগৰাকী দৰিদ্ৰ মহিলাৰ কৰুণ কাহিনী ৷ নিশা ঘৰৰ চালেৰে গণিব পাৰি আকাশৰ তৰা ৷ এটা ভঙা-ছিঙা জুপুৰি ঘৰ ৷ য’ত বসবাস কৰে সুফলা সিংহ নামৰ এগৰাকী অবিবাহিতা বয়সস্থ মহিলাই ৷
হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আছে মহিলাগৰাকীয়ে ৷ ঘৰ বুলিবলৈ একো নাই ৷ ৰ'দ-বৰষুণ তথা পুহমহীয়া ঠাণ্ডাকো নেওচি দুৰ্ভগীয়া মহিলাগৰাকী জৰাজীৰ্ণ ঘৰটোতে বসবাস কৰি আহিছে ৷


মহিলাগৰাকীৰ ঘৰ উত্তৰ শালমাৰা উজানপাৰা দ্বিতীয় খণ্ডত ৷ মহিলাগৰাকীয়ে আজিলৈ পোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ পৰা আৱাসগৃহ । লাভ কৰা নাই খোৱাপানীৰ পৰ্যাপ্ত সুবিধা ৷ চৰকাৰী আঁচনিৰ কোনো সুবিধাই লাভ কৰা নাই মহিলাগৰাকীয়ে । যাৰবাবে চৰকাৰ তথা হৃদয়বান ব্যক্তিৰ পৰা সহায় বিচাৰিছে মহিলাগৰাকীয়ে ৷

লগতে পঢ়ক : ক’ভিডৰ ভয়াৱহতাৰ বাবে স্থগিত গ্ৰেমী এৱাৰ্ড 2021