ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি... - news@5

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি
পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Oct 14, 2021, 5:06 PM IST

1.Laboratory Technician ৰ ধৰ্ষণ-হত্যাৰ অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত !

Laboratory Technician ক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ অব্যাহত আছে চেপা উত্তেজনা ৷ ফাষ্টট্ৰেক আদালতত বিচাৰৰ দাবী ৰাইজৰ ৷

2.১১১ বছৰীয়া লাহোৱাল পূজা মন্দিৰত পুৱাৰে পৰা আৰম্ভ হৈছে নৱমী পূজা

টীয়কৰ ঐতিহাসিক ১১১ বছৰীয়া লাহোৱাল পূজা মন্দিৰত বৃহস্পতিবাৰে পৰম্পৰা অনুসৰি আৰম্ভ কৰা হৈছে নৱমী পূজা ৷ সেই অনুসৰি পুৱাৰে মা দুৰ্গাৰ আশীষ ল'বলৈ ভিৰ কৰিছে অগণন ভক্তই ৷ উল্লেখ্য যে, ক'ভিড পৰিস্থিতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ভগামুখ স্বাস্থ্য কেন্দ্ৰৰ কেইবাগৰাকীও আশা কৰ্মীয়ে পূজা মণ্ডপৰ প্ৰৱেশদ্বাৰত ভক্তসকলক ছেনিটাইজাৰ, মাস্ক আদি প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে ৷

3.ভূপেন বৰা-ৰকিবুল হুছেইনক নেতাৰ কান্ধত উঠাৰ পৰামৰ্শ ভৱেশ কলিতাৰ

এইবাৰ অষ্টমীত ম'হৰ গাড়ী আৰু নৱমীত ই ৰিক্সাত উঠি উ- নিৰ্বাচনৰ প্ৰচাৰ চলায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ কংগ্ৰেছ দলৰ এই নিৰ্বাচনী প্ৰচাৰক লৈ ৰঙিয়াত বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই ৷ তেওঁ এনেদৰে গৰু গাড়ী, ঘোঁৰা গাড়ীত উঠাটো কংগ্ৰেছৰ নিৰ্বাচনী নাটক বুলি আখ্যা দিয়ে ।

4.নগাঁৱৰ ৰণথলীৰ পূজা মণ্ডপত ভক্তৰ ভিৰ

ৰাজ্যত এতিয়া উৎসৱৰ বতৰ ৷ মা-দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে সকলো ৷ ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া কেৱল পূজা আৰু পূজা ৷ ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপতে মা-দুৰ্গাৰ বন্দনাৰে পৰিবেশ মুখৰিত হৈ আছে ৷ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপ সমূহতো একেই দৃশ্য দেখা গৈছে ৷ নগাঁৱৰ ৰণথলীৰ পূজা মণ্ডপতো দেখা গৈছে আধ্যাত্মিক পৰিবেশ ৷

5. অষ্টমীত ম'হৰ গাড়ী, নৱমীত ই ৰিক্সা : ভূপেন বৰাৰ পূজাৰ ৰাজনীতি

কেতিয়াবা যদি ম'হৰ গাড়ী, কেতিয়াবা আকৌ ই ৰিক্সা । অষ্টমী আৰু নৱমী পূজাৰ দিন দুটা ম'হৰ গাড়ী আৰু ই ৰিক্সাৰেই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আপ্ৰাণ চেষ্টা চলায় কংগ্ৰেছ দলে ।

6.ৰাজ্যবাসীলৈ সকাহ : ৰাজ্যত নহয় বিদ্যুতৰ নাটনি

অসম শক্তি বিতৰণ কোম্পানীয়ে সোমবাৰে ৰাজ্যত পূজাৰ বতৰত লোড শ্বেডিঙৰ আশংকাক লৈ এক জাননী জাৰি কৰিছিল ৷ ইয়াৰ পিছতে ৰাইজৰ মাজত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ মাজতে বুধবাৰে মৰাণত শক্তিমন্ত্ৰী বিমল বৰাই ৰাজ্যত বিদ্যুতক লৈ সৃষ্টি হোৱা সমস্যাৰ শক্তি বিভাগে সমাধান কৰাৰ কথা জানিবলৈ দিয়ে ৷

7.তেলৰ দাম বাঢ়িল: চাৰিচকীয়া এৰি চাৰ্টাৰ্ড বিমানত উঠিল ভৱেশ কলিতা

মূল্যবৃদ্ধিৰ বাবে বাইকত তিনিজন উঠিবলৈ পৰামৰ্শ দিয়া ৰাজ্যিক বিজেপিৰ সভাপতিৰ বিলাসী ভ্ৰমণ । সামাজিক মাধ্যমত চৰ্চিত এখন বিশেষ ফটো ।সমালোচনাৰ সন্মুখীন ভৱেশ কলিতা ।

8.শিখৰ পাগুৰি পৰিধান কৰি ধুবুৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত ধুবুৰী আৱৰ্ত ভৱনৰ পৰা গুৰুদ্বাৰত উপস্থিত হৈ সেৱা জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ শিখ সমাজৰ সৈতে অসমীয়া সমাজৰ যথেষ্ট মিল থকাৰ লগতে অসমীয়া আৰু শিখসকলৰ মাজত এক গভীৰ সম্পৰ্ক আছে বুলি মন্তব্য ড৹ শৰ্মাৰ ৷

9.মহাষ্টমীৰ নিশা জনসমুদ্ৰত পৰিণত যোৰহাট গড়আলি

ক’ভিড ভয়াবহতাক লৈ যেন এতিয়াও সজাগ নহয় জনতা ৷ মহাষ্টমীৰ নিশা ইয়াকে পুনৰবাৰ প্ৰতিপন্ন কৰিলে যোৰহাটবাসীয়ে ৷ চৰকাৰী ক’ভিড নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ অধিকাংশ ভক্তপ্ৰাণ ৰাইজৰ ৷

10.ক’ভিডত ব্যৱহৃত সামগ্ৰীৰ আৰ্হিৰে নিৰ্মিত এটি ব্যতিক্ৰমী পূজা মণ্ডপ

ডিব্ৰুগড় জিলাৰ এখনি ব্যতিক্ৰমী দুৰ্গা পূজা(Durga Puja)৷ চহৰৰ শ্ৰীশ্ৰী জালুকপাড়া সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে সাজি উলিয়াইছে এই দুৰ্গা পূজাখনিৰ মণ্ডপটো ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল(Covid Protocol) মানি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে সমিতিখনে । দুৰ্গা মণ্ডপটোত নিৰ্মিত ক’ভিডৰ সময়ত ব্যৱহৃত সকলো সামগ্ৰীৰ আৰ্হি প্ৰদৰ্শন কৰি আকৰ্ষিত হৈ পৰিছে দৰ্শনাৰ্থীসকল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.