ETV Bharat / state

Midday meal workers protest: মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল অভয়াপুৰী

author img

By

Published : May 8, 2023, 9:29 PM IST

তিনিগৰাকীকৈ মধ্যাহ্ন ভোজন কৰ্মচাৰীক প্ৰহাৰৰ অভিযোগ অভয়াপুৰীৰ পিকনাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মৰ্জিনা বেগমৰ বিৰুদ্ধে ৷ এই ঘটনাৰ তদন্তৰ লগতে ন্যায় বিচাৰি আজি মধ্যাহ্ন ভোজন কৰ্মচাৰী বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত ডুমুৰীয়া-পিকনাপাৰা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ৰন্ধন কৰ্মীয়ে (Midday meal workers protest in Abhayapuri) ৷

Midday meal workers protest in Abhayapuri
মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

মধ্যাহ্ন ভোজন কৰ্মচাৰীক প্ৰহাৰৰ অভিযোগ: প্ৰতিবাদত উত্তাল অভয়াপুৰী

অভয়াপুৰী, 8 মে’: বঙাইগাঁও জিলাৰ অভয়াপুৰীত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ ৷ তিনিগৰাকীকৈ মধ্যাহ্ন ভোজন কৰ্মচাৰীক প্ৰহাৰৰ অভিযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৷ ডুমুৰীয়া-পিকনাপাৰা প্ৰাথমিক বিদ্যালয়ত আজি উত্তাল প্ৰতিবাদ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ৷ 2005 চনৰ পৰা কৰ্মৰত তিনিগৰাকী ৰন্ধন কৰ্মীক প্ৰহাৰৰ অভিযোগ পিকনাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মৰ্জনা বেগমৰ বিৰুদ্ধে (Midday meal workers protest in Abhayapuri) ৷

জানিব পৰা মতে ৰজিমন খাতুন, ছমিৰণ নেছা আৰু আকলিমা খাতুন নামৰ তিনিগৰাকী ৰন্ধন কৰ্মীক বিনা কাৰণত 5 মে‌' তাৰিখে তেওঁলোকৰ কামত বাধা প্ৰদান কৰাৰ লগতে শাৰীৰিকভাৱে অপদস্থ কৰিছিল প্ৰধান শিক্ষয়িত্ৰী মৰ্জীনা বেগম ৷ এই কাৰ্যত পূৰ্ণ সহযোগ কৰাৰ অভিযোগ মৰ্জিনা বেগমৰ স্বামী মাজিদুৰ ৰহমান, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আব্দুল কৰিম আৰু সদস্য ফজলুল হক তালুকদাৰৰ বিৰুদ্ধে (Midday meal workers protest) ৷

এই ঘটনাৰ তদন্তৰ লগতে ন্যায় বিচাৰি আজি মধ্যাহ্ন ভোজন কৰ্মচাৰী বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত ডুমুৰীয়া-পিকনাপাৰা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ৰন্ধন কৰ্মীয়ে ৷ ৰন্ধন কৰ্মীৰ কৰ্তব্যত বাধা দিয়া প্ৰধান শিক্ষয়িত্ৰী মৰ্জিনা বেগমক বৰ্খাস্ত কৰক, মহিলা ৰান্ধনীৰ গাত হাত দিয়া সদস্য ফজলুল হক তালুকদাৰক গ্ৰেপ্তাৰ কৰক, মহিলা ৰান্ধনীৰ গাত হাত দিয়া সভাপতি আব্দুল কৰিমক গ্ৰেপ্তাৰ কৰক, বিদ্যালয়ত অনাধিকাৰ প্ৰৱেশ কৰি ৰান্ধনীক প্ৰাণে মৰাৰ ধমকি দিয়া প্ৰধান শিক্ষয়িত্ৰীৰ স্বামী মাজিদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰক আদি শ্লোগানেৰে হাতে হাতে প্লে কাৰ্ড লৈ বিদ্যালয় চৌহদ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে (Midday meal workers union) ৷

লগতে, প্ৰতিবাদী মহিলা সকলে প্ৰধান শিক্ষয়িত্ৰী গৰাকীক বদলি কৰাৰ লগতে আটাইকেইজন দোষীৰ বিৰুদ্ধে উচিত শাস্তি প্ৰদানৰ দাবী জনায় ৷ পৰৱৰ্তী সময়ত প্ৰতিহাদস্থলীত লেংটিছিঙা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ পিচত সৃজনগ্ৰাম শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনোজ কুমাৰ ফুকনে বিষয়টোৰ ওপৰত বিবেচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে প্ৰতিবাদকাৰীসকলক ৷

লগতে পঢ়ক: Demand of ST status: ছয় জনগোষ্ঠীৰ ৰাইজক আভুৱা ভাৰিছে বিজেপি চৰকাৰে; আটাছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.