ETV Bharat / state

সৰভোগত বৃহৎ পৰিমাণৰ বিদেশী সুৰা জব্দ

author img

By

Published : Jul 13, 2021, 11:04 PM IST

আৰক্ষী তথা প্ৰশাসনে অবৈধ সুৰাৰ ঘাটি সমূহ যুদ্ধংদেহী মনোভাৱেৰে উৎখাত কৰি থকাৰ মাজতো ৰাজ্যৰ বহু ঠাইত গোপনে চলি আছে সুৰাৰ অবৈধ দেহা ৷ ইয়াৰ মাজতে সৰভোগৰ 2 নং ৱাৰ্ডৰ পৰা জব্দ হয় বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷

large-quantity-of-foreign-liquor-seized-in-sarbhog
সৰভোগত বৃহৎ পৰিমাণৰ বিদেশী সুৰা জব্দ

বঙাইগাঁও,13 জুলাই : ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড নীতি তথা সান্ধ্য আইনৰ মাজতো ৰাজ্যত অব্যাহত আছে সুৰাৰ ৰমৰমীয়া বেহা ৷ ৰাজ্যৰ আৰক্ষী তথা প্ৰশাসনে অবৈধ সুৰাৰ ঘাটি সমূহ যুদ্ধংদেহী মনোভাৱেৰে উৎখাত কৰি থকাৰ মাজতো ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাৰে ঠায়ে ঠায়ে অব্যাহত আছে সুৰাৰ অবৈধ বেহা ৷ ইয়াৰ মাজতে মঙলবাৰে সন্ধিয়া চলা আৰক্ষীৰ অভিযানত সৰভোগৰ 2 নং ৱাৰ্ডৰ পৰা জব্দ হয় বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷ বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া(সংলগ্ন)বিপুল কুমাৰ ডেকা আৰু সৰভোগ থানাৰ উপ পৰিদৰ্শকৰ নেতৃত্বত যোৱা এটা দলে এই বৃহৎ পৰিমাণৰ অবৈধ বিদেশী সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

এই অভিযানত 180 এমএলৰ 147 টা চিচি, 375 এমএলৰ 37 টা চিচি আৰু 650 এমএলৰ 16 টা চিচি জব্দ কৰে ৷ যাৰ বজাৰ মূল্য প্ৰায় 28 হাজাৰ টকা বুলি উল্লেখ কৰিছে আৰক্ষীয়ে ৷ অভিযানৰ সময়ত কোনো ব্যক্তিক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল আৰক্ষী ৷ কিয়নো আৰক্ষী যোৱাৰ পূৰ্বেই সুৰা ব্যৱসায়ীয়ে পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷

সৰভোগত বৃহৎ পৰিমাণৰ বিদেশী সুৰা জব্দ

আৰক্ষীয়ে জব্দ কৰা সুৰাখিনি পাছত আবকাৰী বিভাগক গোটাই দিয়া জানিব পৰা গৈছে ৷

মন কৰিব লগীয়া যে,ৰাজ্যৰ কেইবাখনো জিলাত বৰ্তমানেও ক'ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰি থকাৰ মাজতে এচাম অসাধু লোকে গোপনে অব্যাহত ৰাখিছে সুৰাৰ অবৈধ বেহা ৷ এই সকলোবোৰ অবৈধ বেহা বন্ধ ৰাখিবলৈ আৰক্ষী-প্ৰশাসনে বাৰম্বাৰ আহ্বান জনাই অহাৰ পাছতো কাণসাৰ নাই একাংশ লোকৰ ৷ যাৰ বাবে শেহতীয়াকৈ অসম আৰক্ষীয়ে জিলাই জিলাই চলাইছে অবৈধ সুৰা বিৰোধী অভিযান ৷

লগতে পঢ়কঃ বৰপেটাত আৰক্ষীৰ জালত ব্ৰাউন চুগাৰসহ ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.