ETV Bharat / state

Illegal Saw mill seized : বন বিভাগৰ অভিযানত জব্দ অবৈধ কাঠফলা মিল-কাঠৰ কুণ্ডা

author img

By

Published : Dec 21, 2021, 11:58 AM IST

Updated : Dec 22, 2021, 11:24 AM IST

বঙাইগাঁৱত চোৰাং কাঠ আৰু অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে জিলা বন বিভাগ আৰু আৰক্ষীৰ অভিযান ৷ অভিযানত 32 টাকৈ মূল্যৱান কাঠৰ কুণ্ডা জব্দ (timber seized at Bongaigaon) ৷

বঙাইগাঁওত অবৈধ কাঠফলা মিল জব্দ
বঙাইগাঁওত অবৈধ কাঠফলা মিল জব্দ

বঙাইগাঁও, 21 ডিচেম্বৰ : হঠাতে সক্ৰিয় হৈ পৰিছে বন বিভাগ ৷ বঙাইগাঁও জিলাৰ গোলাপাৰাত অবৈধ কাঠফলা মিলৰ লগতে চোৰাং কাঠৰ বেহাত শেনচকু পৰিছে বন বিভাগৰ । দীৰ্ঘদিন ধৰি জিলাখনৰ ঠায়ে ঠায়ে বন বিষয়া-কৰ্মচাৰীৰ চকুত ধূলি মাৰি চলি থকা চোৰাং কাঠ ব্যৱসায়ৰ লগতে অবৈধ কাঠফলা মিলৰ বেহাত চোকা দৃষ্টি পৰিছে বন বিভাগৰ ।

বন বিভাগৰ অভিযান

দেওবাৰে বঙাইগাঁও জিলাৰ আই ভেলী সংমণ্ডলে কোকিলা আৰক্ষীৰ সহযোগত চলোৱা যৌথ অভিযানত জব্দ কৰে কাঠফলা মিলৰ লগতে প্ৰায় ৩০ হাজাৰ টকা মূল্যৰ অবৈধ কাঠৰ কুণ্ডা (Illegal Saw mill seized) ৷

এই অভিযানত 32 টাকৈ মূল্যৱান কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো ৷ অৱশ্যে ঘটনা সন্দৰ্ভত কোনো লোকক বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি উক্ত স্থানত অবৈধভাৱে মিলটো চলাই আছিল একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে ৷

লগতে পঢ়ক : Women trafficking case : প্ৰেমৰ জালত পেলাই বহিঃ ৰাজ্যত বিক্ৰী অসমীয়া কিশোৰীক

Last Updated : Dec 22, 2021, 11:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.