ETV Bharat / state

Manik Sarkar on BJP govt; সন্ত্ৰাস-বিভাজনবাদী নীতিত শাসন কৰা BJP ক জনতাই বিদায় দিব: মানিক সৰকাৰ - জেপিৰ কোনো ভাল গুণ নাই

বঙাইগাঁও চহৰত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ সংবাদমেল ৷ এই সংবাদমেলত তেওঁ সন্ত্ৰাস-বিভাজনবাদী নীতিত শাসন কৰা বিজেপিক এইবাৰ জনতাই বিদায় দিব বুলি মন্তব্য কৰে ৷

Manik Sarkar on BJP govt
ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 8:04 AM IST

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ সংবাদমেল

বঙাইগাঁও, 17 অক্টোবৰ : ‘‘বিজেপিৰ কোনো ভাল গুণ নাই ৷ বিজেপিৰ দেশত চলোৱা হৈছে সন্ত্ৰাসবাদী শাসন । চলোৱা হৈছে বিভাজনবাদী নীতি ৷ দেশৰ জনতাই এই কথা বুজি পাইছে ৷ যাৰ বাবে দেশৰ জনতাই এইবাৰ বিজেপিক বিদায় দিবলৈ সাজু হৈছে৷’’ এই মন্তব্য চিপিআইএম দলৰ বৰ্ষীয়ান নেতা তথা ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ ৷

উল্লেখ্য যে, চিপিআইএম দলৰ বঙাইগাঁও জিলা কাৰ্যালয়ত সোমবাৰে আয়োজন কৰা হয় এক সংবাদমেলৰ ৷ এই সংবাদমেল ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কেতবোৰ মন্তব্য আগবঢ়ায় ৷ তেওঁ কয় যে কেন্দ্ৰ তথা বিভিন্ন ৰাজ্যত বিজেপিৰ মিত্ৰ দলসমূহেও বিজেপি কু-শাসনত অতিষ্ঠ হৈ পৰিছে ৷ যাৰ বাবে মিত্ৰজোঁটৰ এই অসন্তুষ্ট দলসমূহে আগন্তুক লোকসভা নিৰ্বাচনৰ আগতে বিজেপিৰ সংগ ত্যাগ কৰিব ৷

বিজেপিৰ প্ৰতি অসন্তুষ্ট এই দলসমূহে INDIA জোঁটত চামিল হোৱাৰ সম্ভাৱনা থকা বুলিও তেওঁ কয় ৷ বৰ্ষীয়ান নেতাগৰাকীয়ে লগতে জনোৱা মতে ইতিমধ্যে 26 টা দলকলৈ গঠন কৰা INDIA ৰ মূল উদ্দেশ্য হৈ সাম্প্ৰদায়িক শক্তি বিজেপিক যি কোনো প্ৰকাৰে পৰাস্ত কৰা ৷

তেওঁৰ মতে, INDIA জোঁটে কেন্দ্ৰীয়ভাৱে জোট বন্ধন কৰিছে যদিও ৰাজ্য ভিত্তিত এই জোটক মূল প্ৰাধান্য দিয়া হ’ব ৷ চিপিআইএম দলৰ চিৰবৈৰী তথা INDIA জোঁটৰ অংশীদাৰ তৃণমূল কংগ্ৰেছৰ সৈতে কেনেকৈ মিত্ৰতা স্থাপন হ’ব বুলি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে চিপিআইএম দলে পশ্চিমবংগৰ পৰা তৃণমূল কংগ্ৰেছক উৎখাত কৰা আৰু কেন্দ্ৰৰ পৰা বিজেপি দলক উৎখাত কৰাৰ নীতি গ্ৰহণ কৰিছে ৷

তেওঁ আৰু কয়, ‘‘কেন্দ্ৰৰ বিজেপি দলৰ অৱস্থা খুব ভাল নহয় ৷ ইতিমধ্যে হিমাচল প্ৰদেশ আৰু কৰ্নাটকত বিজেপি দলৰ চৰকাৰৰ পতন ঘটা ঘটনাই ইয়াৰ জলন্ত উদাহৰণ ৷ আগন্তুক লোকসভা নিৰ্বাচনতো বিজেপি দলৰ চৰকাৰ শোচনীয়ভাৱে পৰাজিত হ’ব’’ ৷

তথ্য অনুসৰি, বঙাইগাঁৱত অনুষ্ঠিত হয় দলটোৰ জিলা সমিতিৰ সভা ৷ উক্ত সভাত অংশগ্ৰহণ কৰাৰ হেতুকে দেওবাৰে নিশাৰ ভাগতে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে বঙাইগাঁৱত উপস্থিত হয় ৷ সোমবাৰে এই সংবাদমেলত চিপিআইএম দলৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰো উপস্থিত আছিল ৷

তালুকদাৰে জনোৱা মতে, আগন্তুক লোকসভা নিৰ্বাচনত অসমত তিনিখন সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ চিন্তা-চৰ্চা কৰিছে ৷ বৰপেটা, দৰং-ওদালগুৰি আৰু শিলচৰ এই তিনিটা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ চিন্তাচৰ্চা চলাই থকা বুলি তেওঁ জানিবলৈ দিয়ে ৷ ৰাজ্যখনত কংগ্ৰেছ দলৰ লগতে মিত্ৰতা স্থাপন হোৱাৰ সম্ভাৱনা অধিক বুলিও তেওঁ কয় ৷

ইতিমধ্যে কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত আলোচনা চলি থকা বুলিও তেওঁ কয় ৷ সোমবাৰে আয়োজিত এই সংবাদমেলত চিপিআইএম দলৰ যুৱ নেতা তথা ৰাজ্যিক সমিতিৰ সম্পাদক মণ্ডলীৰ অন্যতম সদস্য নয়ন ভূঞা, দলটোৰ নেতা অজিৎ দাস, বঙাইগাঁও জিলা সম্পাদক পৰিমল চক্ৰৱৰ্তী, বিশিষ্ট শ্ৰমিক নেতা হৰেশ্বৰ দাসসহ আৰু কেবাজনো নেতৃবৃন্দ উপস্থিত থাকে ৷

লগতে পঢ়ক : Vedic Mathematics is a mathematical techniques; বৈদিক গণিত মানে গণিত শিকাৰ কৌশল: ডাঃ ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.