বঙাইগাঁও, 11 অক্টোবৰ : বঙাইগাঁৱত পুৱতি নিশা হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত দুটাকৈ গুদাম ঘৰ ৷ বঙাইগাঁও সদৰ চহৰৰ ছাপাগুৰি ৰোডত থকা এক্সিচ বেংকৰ কাষৰ এটা গুদাম ঘৰত জুইৰ সূত্ৰপাত হৈ ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ গুদামঘৰটোত বিক্ৰিৰ বাবে মজুত ৰখা ঘৰুৱা আচবাবৰ সামগ্ৰী আছিল বুলি জানিব পৰা গৈছে ৷

অগ্নি নিৰ্বাপক বাহিনীৰ 9 খনকৈ গাড়ীয়ে জুই নুমুৱাবলৈ সক্ষম হয় যদিও জুইৰ সূত্ৰপাত হোৱাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ এই অগ্নিকাণ্ডটোৰ ফলত কেইবা কোটি টকাৰ সামগ্ৰী জাহ যোৱা বুলি সন্দেহ কৰা হৈছে ৷
লগতে পঢ়ক: ৰাজপথতে জ্বলি উঠিল সামগ্ৰী ভৰ্তি চলন্ত ট্ৰাক