ETV Bharat / state

Protest in Manikpur:চি পি আই এমৰ প্ৰতিবাদত উত্তাল মাণিকপুৰ

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 5:43 PM IST

মাণিকপুৰত চি পি আই এমৰ অৱস্থান ধৰ্মঘট । মুখ্যমন্ত্ৰীলৈ ন টা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ । প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰৰ জনবিৰোধী নীতি আৰু ব্যৰ্থতাৰ বাবে দেশৰ গৰিষ্ঠ সংখ্যক লোক দুৰ্দশাৰ কবলত পৰা বুলি ক্ষোভ প্ৰকাশ কৰে ।

CPI M strike in Manikpur
মাণিকপুৰ মুকলি বজাৰ গৃহত চি পি আই এমৰ ধৰ্মঘট

মাণিকপুৰ, ১৩ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ মাণিকপুৰ মুকলি বজাৰ গৃহত আজি চি পি আই এমৰ মাণিকপুৰ আৰু পাতিলাদহা আঞ্চলিক সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট ৰূপায়ন কৰা হয় । মাণিকপুৰক উপ-জিলাৰ সদৰ ঘোষণা কৰাৰ লগতে পেট্ৰ'ল-ডিজেলৰ উপৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, পুৰণি পেন্সন নীতি বাহাল ৰখা,ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণকে আদি কৰি ৯ টাকৈ দাবী পুৰণ কৰাৰ বাবে অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে ।

প্ৰতিবাদকাৰীসকলে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ জনবিৰোধী নীতি আৰু চৰম ব্যৰ্থতাৰ বাবে দেশৰ গৰিষ্ঠ সংখ্যক মানুহ চৰম দুৰ্দশাৰ কৱলত পৰিছে । সাম্প্ৰতিক সময়ত জনসাধাৰণক ভয়াবহ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে । দুখীয়া আৰু সীমিত আয়ৰ পৰিয়ালবোৰৰ বাবে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীখিনি যোগাৰ কৰাটো অসম্ভৱ হৈ পৰিছে । তেওঁলোকে পুনৰ কয় যে ভয়াৱহ মূল্যবৃদ্ধিৰ পৰা জনসাধাৰণক সকাহ দিয়াৰ বাবে চৰকাৰে কোনো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । ইয়াৰ বিপৰীতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বৃহৎ ব্যৱসায়ীসকলক অবাধ লুন্ঠনৰ সুযোগ দিছে ।

প্ৰতিবাদকাৰীসকলে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰৰ আমোলত বৃহৎ বৃহৎ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আছে । সম্প্ৰতি আদানি কেলেংকাৰীয়ে দেশৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰিলেও চৰকাৰে অভিযোগৰ তদন্ত কৰিবলৈ অস্বীকাৰ কৰিছে । অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ অভিযোগৰ কোনো তদন্ত নহ'ল । দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ চৰকাৰী শ্লোগান বিৰাট ফাঁকিৰ বাদে আন একো নহয় । অসমৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণৰ বেলিকাও চৰকাৰে চৰম প্ৰতাৰণা কৰাহে পৰিলক্ষিত হ'ল । ঢাক ঢোল বজাই নিযুক্তি পত্ৰ বিতৰণৰ কাৰ্যসূচীৰে সমস্যাটো ঢাকি ৰাখিব বিচাৰিলেও কৰ্মক্ষেত্ৰত অসমৰ ২২ লাখ নিবনুৱাৰ ১ লাখকো নিযুক্তি দিব পৰা নাই । ক্ষুদ্ৰ ব্যৱসায়ীসকল ভয়াবহ সংকটৰ সন্মুখীন হৈছে । এনে খণ্ডৰ বহুলোকে জীৱিকাৰ পৰা বিতাৰিত হৈ পুনৰ কৰ্মসংস্থানহীন হৈছে ।

প্ৰতিবাদকাৰীসকলে ক্ষোভেৰে কয় যে ৰাজ্যখনৰ অংগনৱাড়ী কৰ্মী সহায়িকা, ৰন্ধনকৰ্মী,আশাকৰ্মী বা নিৰ্মাণ শ্ৰমিকৰ দৰে অসংগঠিত খণ্ডৰ শ্ৰমিক কৰ্মচাৰীসকলৰ উপযুক্ত মজুৰি বা সামাজিক নিৰাপত্তা কোনো ব্যৱস্থা নাই । চাহ শ্ৰমিক সকলৰ দৈনন্দিন মজুৰি অন্ততঃ ৩৫১ টকালৈ বৃদ্ধি কৰা দাবী আজি পৰ্যন্ত কাৰ্যকৰী হোৱা নাই । কৃষকৰ অৱস্থা উন্নত কৰাৰ বাবে কোনো পদক্ষেপ লোৱা নাই । চৰকাৰে ঢাক ঢোল বুজালেও চৰকাৰৰ নিৰ্ধাৰিত দামত প্ৰকৃত খেতিয়কৰ পৰা ধান ক্ৰয়ৰ উপযুক্ত ব্যৱস্থা গঢ়ি তোলা নাই ।

তেওঁলোকে কয় যে খেতিয়কসকলে উৎপাদিত ফচলৰ ন্যাযমূল্যৰ পৰা বঞ্চিত । আনহাতে,সাৰ,বীজ, কীটনাশক ঔষধআদি প্ৰয়োজনীয় সামগ্ৰী সমুহ চৰা দামত কিনিবলগীয়া হৈছে । অসমৰ গ্ৰাম্যাঞ্চলৰ বৃহৎ সংখ্যক কৃষি আৰু গ্ৰামীণ শ্ৰমিকৰ কোনো সামাজিক নিৰাপত্তা নাই আৰু পেন্সনৰ কোনো ব্যৱস্থা নাই । আনহাতে,মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ৮৩ খন গাঁৱক সামৰি মাণিকপুৰক উপ-জিলা ঘোষণা কৰাৰো দাবী উত্থাপন কৰে ।

লগতে পঢ়ক :Mid day Meal worker Protest in Tezpur: মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল তেজপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.