ETV Bharat / state

Child Marriage: বিবাহথলীত অঘটন, দৰাঘৰৰ সলনি উপস্থিত হ’ল আৰক্ষীৰ বাহন

author img

By

Published : Jul 27, 2023, 7:37 PM IST

ধুবুৰীৰ হাওঁৰাৰ পাৰ অঞ্চলত পোহৰলৈ আহিছে বাল্য বিবাহৰ এক ঘটনা। বিয়াঘৰত দৰা পাৰ্টীৰ পিচে পিচে গৈ উপস্থিত হ’ল আৰক্ষী। লগে লগে বিয়াঘৰত লাগিল হুৱা দুৱা ৷

one detained related to child marriage
দৰাঘৰৰ সলনি উপস্থিত হ’ল আৰক্ষীৰ বাহন

দৰাঘৰৰ সলনি উপস্থিত হ’ল আৰক্ষীৰ বাহন

ধুবুৰী, 27 জুলাই : ৰাজ্যত অব্যাহত আছে বাল্য বিবাহ ৷ বাল্য বিবাহৰ বিৰুদ্ধে কেইদিনমান পূৰ্বে ৰাজ্যজুৰি অসম আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে ধুবুৰীৰ হাওঁৰাৰ পাৰ অঞ্চলত পোহৰলৈ আহিছে বাল্য বিবাহৰ এক ঘটনা। হাওঁৰাৰ পাৰত এগৰাকী নাবালিকাক বিয়া দিবলৈ চলোৱা হৈছিল যা-যোগাৰ ৷ ৰীতি-নীতি অনুসৰিয়েই চলিছিল বিয়াৰ আয়োজন ৷ গাত হালধি সানি বিয়াৰ সাঁজত বহি আছিল কইনা। সময়মতে কইনাৰ ঘৰত উপস্থিত হ’ল দৰা ৷

কিন্তু বিয়াঘৰত দৰা পাৰ্টীৰ পিচে পিচে গৈ উপস্থিত হ’ল আৰক্ষী। লগে লগে বিয়াঘৰত লাগিল হুৱা দুৱা ৷ নাবালিকা কইনাই বিয়াৰ সাজ খুলি পৰিধান কৰিলে সাধাৰণ পোছাক ৷ ইফালে আৰক্ষীয়ে বাক বিতণ্ডা লাগি থকাৰ সুযোগ লৈ ৰভাথলীৰ পৰা পলায়ন কৰিলে দৰাঘৰৰ লোক ৷

বুধবাৰে নিশা ধুবুৰী বি এন কলেজ নগৰ আৰক্ষীক লগত লৈ ধুবুৰী সদৰ আৰক্ষীয়ে অভিযান চলাইছিল এই বাল্য বিবাহৰ বিৰুদ্ধে অভিযান ৷ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাতুল হালৈৰ নেতৃত্বত চলিল এই আৰক্ষীৰ অভিযান। গাঁওখনৰ এগৰাকী ১৭ বছৰীয়া নাবালিকাৰ বিবাহৰ আয়োজন চলি থকাৰ খবৰ পাইছিল আৰক্ষীয়ে। ধুবুৰীৰ ফলিমাৰী ৰমিউল হক নামৰ এজন ৰং মিস্ত্ৰীৰ সৈতে বিবাহৰ সকলো আয়োজন চলিছিল হাওঁৰাৰপাৰৰ নাবালিকাগৰাকীৰ ঘৰত।

তেনে অৱস্থাত আৰক্ষী গাঁওখনত উপস্থিত হোৱাৰ খবৰ পাই কাজী আৰু দৰা পাৰ্টি পলাই পত্ৰং দিয়ে বিয়াথলীৰ পৰা। বিশেষ সূত্ৰে খবৰ পাই মাজ নিশা হাওঁৰাৰপাৰৰ কইনা ঘৰত আৰক্ষীয়ে অভিযান চলাই নাবালিকা কন্যাগৰাকীৰ বৰদেউতাকক আটক কৰে। ইপিনে তৰ্ক বিতৰ্কিত লিপ্ত হৈ থকা অৱস্থাতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে নাবালিকা কন্যাৰ পিতৃয়ে।

সম্প্ৰতি ধুবুৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। সমান্তৰালভাৱে দৰা ৰমিউল হক আৰু তেওঁৰ অভিভাৱকৰ লগতে নাবালিকা কন্যাৰ অভিভাৱকৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

লগতে পঢ়ক: Rahul Gandhi Slams PM Modi : বিজেপিৰ আদৰ্শই মণিপুৰক জ্বলাইছে বাবেই নীৰৱ প্ৰধানমন্ত্ৰী; ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.