অভয়াপুৰী, 29 মাৰ্চ: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৬ নং বৰপেটা লোকসভা সমষ্টিতভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে জনিয়াৰ বিধায়ক আব্দুল খালেকক ৷ এই খবৰ লাভ কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে অভয়াপুৰীৰ কংগ্ৰেছ কৰ্মীসকল । ৰাজীৱ ভৱনত মিঠাই বিতৰণ কৰি আনন্দ উৎসৱৰ আয়োজন কৰে কংগ্ৰেছ কৰ্মীসকলে ৷
বৰপেটা লোকসভা সমষ্টিত আব্দুল খালেকৰ বিজয় নিশ্চিত বুলি দাবী কৰাৰ কেন্দ্ৰত বিজেপিৰ অপশাসনৰ অন্ত পৰাটো অৱশ্যম্ভাৱী বুলি মন্তব্য কৰে অভয়াপুৰীৰ কংগ্ৰেছ কৰ্মীসকলে ৷