ETV Bharat / state

ফোন দ্বাৰা হোৱা বন্ধুত্বই কাল হ’ল আগৰতলাৰ দুই যুৱকৰ

author img

By

Published : Nov 10, 2020, 10:22 PM IST

দেৰবছৰ পুৰ্ব্বে ফোনযোগে বন্ধুত্ব হোৱা ত্ৰিপুৰাৰ দুই নাগৰিকে বঙাইগাঁও জিলাৰ যোগিঘোপাৰ বন্ধুৰ ঘৰলৈ ফুৰিবলৈ আহি সেই বন্ধুৰ হাততে লুট হল ৫.৮০ লাখ টকা ।

bongaigaon-two-tripurian-looted
ফোনৰ বন্ধুত্বই কাল হ’ল আগৰতলাৰ দুই যুৱকৰ

বঙাইগাঁও, 10 নৱেম্বৰ: ফোনৰ বন্ধুত্বই কাল হ’ল আগৰতলাৰ দুই যুৱকৰ ৷ বঙাইগাঁও জিলাৰ যোগিঘোপাত চাহৰ লগত নিচাযুক্ত দ্ৰব্য মিহলাই বন্ধুয়ে লুটিলে ৫ লাখ ৮০ হাজাৰ টকা ৷ এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ যোগীঘোপাত ৷ আগৰতলা চম্পক নগৰৰ দুই যুৱ ব্যৱসায়ী মিন্টু দেৱনাথ আৰু বিপুল ঘোষে দোকানৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে আহিছিল গুৱাহাটীলৈ ৷

কিন্তু গুৱাহাটীলৈ অহা খবৰ পাই ডেৰবছৰ পুৰ্বে ফোনতে বন্ধুত্ব গঢ়া বঙাইগাঁৱৰ এজন বন্ধুৰ অনুৰোধত নামিছিল নিউ বঙাইগাঁও ৰেল ষ্টেচনত আৰু তাৰ পৰাই যোগীঘোপাৰ ৰাজা নামৰ ফোনযোগে বন্ধুত্ব হোৱা সেই বন্ধুজনে দুই বন্ধুক লৈ যায় নিজৰ ঘৰলৈ ৷ ৰাজা নামৰ যুৱকজনে দুই বন্ধুক ভাত খাবলৈ জোৰ কৰাত মুছলমান হোৱা হেতুকে মিন্টু আৰু বিপুলে ৰাজাৰ ঘৰত ভাত খাবলৈ অমান্তি হয় ৷ শেষত দুয়োকে ৰঙা চাহ খাবলৈ দিয়ে ৷ ইপিনে ৰঙা চাহ খোৱাৰ পিছতে মিন্টু আৰু বিপুল অচেতন হৈ পৰে আৰু সেই সুযোগতে ৰাজাই দুয়োৰে ব্যৱসায়ৰ বস্তু ক্ৰয় কৰিবলৈ লগত অনা ৫ লাখ ৮০ হাজাৰ টকা লুট কৰি পলায়ন কৰে ৷

ইপিনে দুয়ো চেতনা ঘূৰাই পোৱাত ৰাজা সম্পৰ্কে ঘৰত সেই সময়ত থকা মহিলা দুগৰাকীয়ে অজ্ঞতা প্ৰকাশ কৰি ল’ৰাদুজনক ওলোটাই ধৰ্ষণৰ গোচৰত ধৰাই দিয়াৰ ভাবুকি প্ৰদান কৰে ৷ ফলত উপায়ন্তৰ হৈ দুই যুৱকে সেই ঘৰৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় বজৰং দলৰ কাষ চাপে ৷ বজৰং দলৰ সহযোগত সেই নিশাই যোগীঘোপা আৰক্ষীয়ে মহিলা দুগৰাকীক আটক কৰিছে যদিও ৰাজা নামৰ যুৱকজন সম্প্ৰতি পলাতক ৷

লগতে পঢ়ক: ডিকমৰ মটক বাগিছাত অব্যাহত উত্তেজনা: গাঁত খান্দি উলিয়ালে সৎকাৰ কৰা শিশুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.