ETV Bharat / state

বঙাইগাঁৱত কেবৰ বিৰোধিতাৰে ৪ শতাধিক অগপ কৰ্মীৰ কংগ্ৰেছত যোগদান - loksabha

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্তত তুংগত উঠিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ শনিবাৰে বঙাইগাঁৱত কংগ্ৰেছৰ এক নিৰ্ব্বাচনী সভাত দলীয় প্ৰাৰ্থী আব্দুল খালেকে প্ৰচাৰ চলায় ৷ লগতে এই সভাতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে শনিবাৰে বঙাইগাঁও বিধান সভা সমষ্টিত ৪ শতাধিক অগপ কৰ্মীৰ কংগ্ৰেছত যোগদান ।

বঙাইগাঁও
author img

By

Published : Apr 13, 2019, 11:02 PM IST

বঙাইগাঁও,13এপ্ৰিল: শনিবাৰে বঙাইগাঁৱৰ ঢালিগাঁও বৰপথাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ নিৰ্ব্বাচনী সভা । সন্ধিয়া ৮ বজাত অনুষ্ঠিত এই সভাত বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী আব্দুল খালেক উপস্থিত থকাৰ লগতে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জ্যোতিৰ্ময় বৈষ্য, বঙাইগাঁও জিলা কংগ্ৰেছ সভাপতি শংকৰপ্ৰসাদ ৰায় সহ প্ৰায় ২ হাজাৰ লোক উপস্থিত থাকে । ইপিনে এই সভাতে ঢালিগাঁৱৰ তিনি শতাধিক অসম গণ পৰিষদৰ কৰ্মী আৰু দেৰ শতাধিক এ আই ইউ ডি এফৰ সমৰ্থক কংগ্ৰেছত আনুষ্ঠানিক ভাৱে যোগদান কৰে । শনিবাৰৰ দিনটোত কংগ্ৰেছৰ প্ৰাৰ্থীজনে বঙাইগাঁও বিধান সভা সমষ্টিৰ বিভিন্ন ঠাইত প্ৰচাৰ চলায় । উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা আৰু মিত্ৰজোঁটক লৈ অসন্তুস্তিৰ বাবে শনিবাৰে এইসকল ৪ শতাধিক অগপ কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে ৷

বঙাইগাঁৱত কেবৰ বিৰোধিতাৰে ৪ শতাধিক অগপ কৰ্মীৰ কংগ্ৰেছত যোগদান

Intro:বঙাইগাঁও জিলাৰ ঢালিগাঁওৰ বৰপথাৰত কংগ্ৰেছ দলৰ নিৰ্ব্বাচনী সভা । সন্ধিয়া ৮ বজাত অনুষ্ঠিত এই সভাত বৰপেটা লোক সভা সমষ্টিৰ প্ৰাৰ্থী আব্দুল খালেক উপস্থিত থকাৰ লগতে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জ‍্যোতিৰ্ময় বৈষ‍্য,বঙাইগাঁও জিলা কংগ্ৰেছ সভাপতি শংকৰপ্ৰসাদ ৰায় সহ প্ৰায় ২ হাজাৰ লোক উপস্থিত থাকে। ঢালিগাঁওৰ তিনি শতাধিক অসম গণ পৰিষদৰ কৰ্মি আৰু দেৰ শতাধিক এ আই ইউ ডি এফৰ সমৰ্থক কংগ্ৰেছ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে । আজিৰ দিনটো কংগ্ৰেছৰ প্ৰাৰ্থীজনে অগপ বিধায়ক ফণীভূষন চৌধুৰীৰ দুৰ্গ বঙাইগাঁও বিধান সভা সমষ্ঠিৰ বিভিন্ন ঠাইত প্ৰচাৰ চলায় । আচৰ্জ জনক ভাৱে নিশাও দেখিবলৈ পোৱা গল প্ৰাৰ্থী জনৰ নিৰ্ব্বাচনী প্ৰচাৰ চলোৱা ।

নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা কৰি আজি বঙাইগাঁও বিধান সভা সমষ্ঠিত ৪ শতাধিক অগপ কৰ্মিৰ কংগ্ৰেছত যোগদান ।

বাইট : সদ‍্য অগপ ত‍্যাগি লোক আৰু কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক ৰ বাইট দিলো ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ‌ ।

Body:বাইট : সদ‍্য অগপ ত‍্যাগি লোক আৰু কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক ৰ বাইট দিলো ।

Conclusion:নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা কৰি আজি বঙাইগাঁও বিধান সভা সমষ্ঠিত ৪ শতাধিক অগপ কৰ্মিৰ কংগ্ৰেছত যোগদান ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.