ETV Bharat / state

পথ নিৰ্মাণৰ নামত অনিয়মৰ অভিযোগ, ফলক অবিহনে চলিছে নিৰ্মাণ কাৰ্য্য!!

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীত পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ ৷ উচিত তদন্তৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল ৰাইজ ৷

author img

By

Published : Apr 6, 2019, 6:27 PM IST

পথ নিৰ্মাণৰ নামত অনিয়মৰ অভিযোগ, ফলক অবিহনে চলিছে নিৰ্মাণ কাৰ্য্য

উত্তৰ অভয়াপুৰী,6 এপ্ৰিলঃ পৰিৱৰ্তনৰ শ্ল'গানৰে শাসনৰ গাদী দখল কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰে ৷ ক্ষমতালৈ অহাৰ পাচতেই দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু মুখ্যমন্ত্ৰীৰ এনে সদম্ভ ঘোষণাক বুঢ়া আঙুলি দেখুৱাই এতিয়াও একাংশ চৰকাৰী বিভাগত অবাধ হাৰত দুৰ্নীতি চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ শনিবাৰে উত্তৰ অভয়াপুৰীৰ কীৰ্তনপাৰাত চলি থকা কোটি টকীয়া পথ নিৰ্মাণ আঁচনিৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিল একাংশ ৰাইজ তথা সংগঠন ৷ বিভাগীয় অভিযন্তাৰ সৈতে বুজাবুজিৰে কোনো ধৰণৰ ফলক নোহোৱাকৈ সমুদায় ধুন হৰলুকী কৰাৰ অভিযোগ ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ বিৰুদ্ধে ৷

উল্লেখ্য যে, উত্তৰ অভয়াপুৰীৰ বৰঘোলাৰ পৰা গুনিয়ালগুৰিলৈ চৰাঞ্চলৰ ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে প্ৰায় 25 কিঃমিঃ দৈৰ্ঘ্যৰ পকী পথ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছিল চৰকাৰে ৷ কিন্তু ৰাইজক অন্ধকাৰত ৰাখি কোনো ধৰণৰ ফলক ব্যৱহাৰ নকৰাকৈ উক্ত পথটোৰ নিৰ্মাণ কাৰ্য চলাই গৈছে ঠিকাদাৰ গৰাকীয়ে ৷ ঘটনাটো সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে বিভাগীয় অভিযন্তা তথা ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্থানীয় ৰাইজে ৷

Intro:উত্তৰ অভয়াপুৰীত পথ নিৰ্মাণত ব্যাপক দূৰ্নীতি ।বিভাগীয় অভিযন্তাক মেনেজ কৰি লুণ্ঠন চলাইছে ঠিকাদাৰে। নাম ফলক নোহোৱাকৈ নিম্ন মানৰ সামগ্ৰীৰে কৰি আছে ৰাস্তাৰ কাম। ৰাইজৰ প্ৰতিক্ৰিয়া।Body:উত্তৰ অভয়াপুৰীত পথ নিৰ্মাণত ব্যাপক দূৰ্নীতি ।বিভাগীয় অভিযন্তাক মেনেজ কৰি লুণ্ঠন চলাইছে ঠিকাদাৰে। নাম ফলক নোহোৱাকৈ নিম্ন মানৰ সামগ্ৰীৰে কৰি আছে ৰাস্তাৰ কাম। ৰাইজৰ প্ৰতিক্ৰিয়া।
বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীৰ কেন্দ্ৰ বিন্দু কীৰ্ত্তন পাৰাত ৰাস্তা নিৰ্মাণৰ নামত ব্যাপক অনিয়ম আৰু দূৰ্ণীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজ দল সংগঠনে। প্ৰাপ্ত অভিযোগ মতে বৰঘোলাৰ পৰা কীৰ্ত্তন পাৰা নাম্বাৰ পাৰা হৈ গুনিয়ালগুৰিলৈ যোৱা কৌটি টকীয়া ৰাস্তাৰ কামটোত চলিছে ব্যাপক দূৰ্নীতি। ছিগ্নেছাৰ প্ৰজেক্টৰ অধীনত আৰম্ভ হোৱা কামৰ ঠিকা লাভ কৰে অভয়াপুৰীৰ ৰুদ্ৰ পাঠক নামৰ এজন দূৰ্নীতি পৰায়ণ ঠিকাদাৰে। কোনো নাম ফলক নিদিয়াকৈ ৰাইজক অন্ধকাৰত ৰাখি বিভাগীয় অভিযন্তাক মেনেজ কৰি নিম্ন মানৰ শিল বালিৰে কোনোমতে কাম কৰি যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে দল সংগঠনে। চৰাঞ্চলৰ একমাত্ৰ যাতায়তৰ মাধ্যম এই পকী পথটোৰ নিৰ্মাণ কাৰ্য্যৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি বঙাইগাঁও জিলাৰ বিভাগীয় অভিযন্তাৰ লগতে ঠিকাদাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।Conclusion:পথ নিৰ্মাণত ব্যাপক দূৰ্নীতি ।তদন্তৰ দাবী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.