ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত বিজনীত অৰ্ধনগ্ন প্ৰতিবাদ

author img

By

Published : Jul 26, 2020, 10:20 PM IST

দেওবাৰে সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা (ABMSU) চমুকৈ এবিএমছুৰ বিজনী জিলা সমিতিৰ উদ্যোগত আৰু আলুখুন্দা আঞ্চলিক সমিতিৰ সহযোগত আলুখুন্দাত অৰ্ধ‌নগ্ন প্ৰতিবাদ সাব্যস্ত কৰে । অখিল গগৈৰ মুক্তিৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৰ সদস্য সকলে ।

ABMSU PROTEST AT BIJNI, DEMANDS RELEASE TO AKHIL GOGOI
অখিল গগৈৰ মুক্তিৰ দাবীত বিজনীত অৰ্ধনগ্ন প্ৰতিবাদ

উত্তৰ অভয়াপুৰী, 26 জুলাই : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ চলি থকাৰ মাজতে দেওবাৰে সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা (ABMSU) চমুকৈ এবিএমছুৰ বিজনী জিলা সমিতিৰ উদ্যোগত আৰু আলুখুন্দা আঞ্চলিক সমিতিৰ সহযোগত আলুখুন্দাত অৰ্ধ‌নগ্ন প্ৰতিবাদ সাব্যস্ত কৰে । অখিল গগৈৰ মুক্তিৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৰ সদস্য সকলে ।

প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি, বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী গণতান্ত্ৰিক আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া অখিল গগৈক অসম চৰকাৰে কেইবাটাও গোচৰ জাপি দি কাৰাৰুদ্ধ কৰি ৰাখিছে । প্ৰায় 8 মাহ অতিক্ৰম কৰাৰ পিচতো চৰকাৰ বা প্ৰশাসনে অখিল গগৈক মুকলি কৰি নিদিয়াৰ বাবে প্ৰতিবাদকাৰী ৰাইজে ক্ষোভ প্ৰকাশ কৰে ।

এবিএমছুৰ জিলা সমিতিৰ সভাপতি মেহেদি হাছান মণ্ডলে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে,চৰকাৰে অখিল গগৈক ভয় কৰে । অসম আৰু অসমীয়া বিৰোধী চৰকাৰে গ্ৰহণ কৰা নীতিৰ বিৰুদ্ধে যাতে কোনেও গণতান্ত্ৰিক আন্দোলন কৰিব নোৱাৰে তাৰবাবে অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰাখিছে । যাৰবাবে 72 ঘণ্টাৰ ভিতৰত অখিল গগৈক মুক্তি দিব লাগে বুলি সভাপতি গৰাকীয়ে চৰকাৰক আহ্বান জনায় ।

আনহাতে,প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি এবিএমছুৰ বিজনী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মুক্তাকিন ৰহমানে কয় যে,বিজেপি চৰকাৰে অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । কাৰণ অখিল গগৈক কাৰাগাৰত ৰাখি চৰকাৰে একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ তৈল খাদ,খনিজ সম্পদক ব্যক্তিগত বণিয়াক বিক্ৰী কৰিব বিচাৰিছে । আচলতে অখিল গগৈ মুকলি আকাশৰ তলত থাকিলে চৰকাৰে গ্ৰহণ কৰা অসম বিৰোধী নীতিৰ বিপক্ষে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভয়ত কৃষক নেতা গৰাকীক কাৰাৰুদ্ধ কৰি ৰাখিছে ৷ লগতে,চৰকাৰক সমালোচনা কৰি ৰহমানে কয় যে,২০২১ ৰ বিধান সভা নিৰ্বাচনৰ কথা চিন্তা কৰিয়েই চৰকাৰে হিটলাৰী কায়দাৰে অখিলক কাৰাগাৰত ৰাখিছে ।

উল্লেখ্য যে,এবিএমছুৰ প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ মুৰ্দাবাদ,বিজেপি চৰকাৰ হায় হায়,সৰ্বানন্দ-হিমন্ত গ' বেক,অখিল গগৈক ৭২ ঘণ্টাৰ ভিতৰত মুক্তি দিয়ক,এবিএমছু জিন্দাবাদ আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰি তোলে ৷

লগতে পঢ়ক : ভয়ংকৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে: ২৭ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.