ETV Bharat / state

আংশিক লক ডাউনত সৰ্বস্বান্ত কৃষকসকল

author img

By

Published : May 23, 2021, 10:47 PM IST

অভয়াপুৰীৰ ডুমুৰীয়াত কৃষকৰ দুখলগা ছবি । অৰ্ধ লকডাউনে জুৰুলা কৰিছে কৃষকক। পথাৰতে গেলিছে কৃষকৰ উৎপাদিত শাক-পাচলি । এতিয়া পানীত হাঁহ নচৰা অৱস্থা বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ অন্তৰ্গত ডুমুৰীয়া দ্বিতীয় খণ্ড গাঁৱৰ কৃষকসকলৰ ।

change the image
আংশিক লক ডাউনত সৰ্বস্বান্ত কৃষকসকল

অভয়াপুৰী, ২৩ মে': ৰাজ্যৰ আংশিক লক ডাউনে জুৰুলা কৰিছে কৃষকসকলক । বাৰীতে গেলিছে তেওঁলোকৰ উৎপাদিত শস্য । কপাঁলৰ ঘাম মাটিত পেলাই উৎপাদন কৰা শস্যবোৰ এতিয়া চকুৰ আগতে গেলি পচি যাব ধৰিছে । চৰকাৰৰ আংশিক ল'ক ডাউন এতিয়া এইসকল কৃষকৰ বাবে হৈ পৰিছে অভিশাপ । কিয়নো তেওঁলোকে উচিত মূল্য নোপোৱাত মূৰে কপাঁলে হাত দিবলগীয়া হৈছে কৃষকসকলে ।

আংশিক লক ডাউনত সৰ্বস্বান্ত কৃষকসকল

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ অন্তৰ্গত ডুমুৰীয়া দ্বিতীয় খণ্ড গাঁৱৰ কৃষকসকলৰ বেঙেনা, বিলাহী, তিয়ঁহ আদি শাক-পাচলি বাৰীতে গেলি পচি নষ্ট হৈছে । কৰ'ণা মহামাৰীৰ পৰা হাত সাৰিবলৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনা জাৰি কৰিছে আৰু এই নতুন নিয়ম অনুযায়ী বজাৰ সমাৰ যি সময়সীমা নিৰ্ধাৰণ কৰি দিছে সেই নিৰ্ধাৰিত সময়ৰ ভিতৰত কিন্তু উৎপাদিত শাক-পাচলি সমূহ বিক্ৰী কৰাটো সম্ভৱ নহয় । যাৰ বাবে বিঘাই বিঘাই এইদৰে নষ্ট হ'ব ধৰিছে শাক-পাচলিসমূহ । মুঠৰ ওপৰত কৃষকসকলে কষ্টৰে উৎপাদন কৰা সামগ্ৰীসমূহৰ যথোচিত ব্যৱস্থা যাতে অথলে নাযায় তাৰ বাবে চৰকাৰক দাবী জনাইছে ভুক্তভোগী কৃষকসকলে ।

লগতে পঢ়ক: শিলঘাটত চপৰা চপৰে খহিছে লুইতৰ গৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.