ETV Bharat / state

অভয়াপুৰীত ভয়াৱহ অগ্নিকাণ্ড - Fire Incedent

বঙাইগাঁৱৰ অভয়াপুৰীত বজাৰ সংঘটিত অগ্নিকাণ্ডটোত তিনিখন ব্যৱসায়ী প্ৰতিষ্ঠান আৰু এটা গুডাম সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে বহু লক্ষাধিক টকাৰ ক্ষয়ক্ষতি হয় ৷

Abhayapuir Fire Incedent
অভয়াপুৰীত ভয়াবহ অগ্নিকাণ্ড
author img

By

Published : Feb 22, 2020, 8:32 PM IST

অভয়াপুৰী,22 ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যবাসী শিৱ পূজাত মতলীয়া হৈ থকাৰ সময়তে বঙাইগাঁও জিলাৰ অভয়াপুৰী বজাৰত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ ফলত তিনিখন ব্যৱসায়ী প্ৰতিষ্ঠান আৰু এটা আলুৰ গুডাম সম্পূৰ্ণৰূপে ভস্মীভূত হয় । অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিখন গাড়ীসহ দল উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে যদিও অগ্নিকাণ্ডটোত বহু লক্ষাধিক টকাৰ মূল্যৰ সা-সম্পত্তি ক্ষয়ক্ষতি হয় ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । অগ্নিকাণ্ডটোত ভষ্মীভূত হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত দুখন বাচন-বৰ্ত্তনৰ, এখন সোণ ৰূপৰ অলংকাৰৰ আৰু এটা আলু পিয়াঁজৰ গুডাম আছিল ।

অভয়াপুৰীত ভয়াবহ অগ্নিকাণ্ড

লগতে পঢ়ক:সন্দেহজনক লোকৰ বেদখলক কেন্দ্ৰ কৰি উত্তপ্ত চামগুৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.