ETV Bharat / state

Bijuli Prasad is no more: এক ৰাজকীয় ইতিহাস বুকুত বান্ধি অজান দেশলৈ গ’লগৈ বিজুলী প্ৰসাদ - দেশৰ বৰ্ষীয়ান হাতী

বিজুলী প্ৰসাদ আৰু নাই । মৃত্যু হ’ল বগা চাহাবৰ ৰাজ আতিথ্য লাভ কৰা সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ বয়স্ক হাতী বিজুলী প্ৰসাদৰ ।

Bijuli Prasad is no more
বিজুলী প্ৰসাদ আৰু নাই
author img

By

Published : Aug 21, 2023, 10:44 AM IST

Updated : Aug 21, 2023, 3:48 PM IST

বিজুলী প্ৰসাদ আৰু নাই

বিশ্বনাথ, ২১আগষ্ট : বিজুলী প্ৰসাদ আৰু নাই ৷ সোমবাৰে মৃত্যু হয় বিজুলী প্ৰসাদৰ । বগা চাহাবৰ ৰাজ আতিথ্য লাভ কৰা সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ বয়স্ক হাতীটোৱেই আছিল বিজুলী প্ৰসাদ । সোমবাৰে প্ৰায় নব্বৈ বছৰ বয়সত বিদায় ল’লে বিজুলী প্ৰসাদে ৷ বিজুলীৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ ৰাজ্যত ৷

সকলোৰে জ্ঞাত যে, বিশ্বৰ ভিতৰতে আটাইতকৈ বয়স্ক জীৱিত হাতীটো আছিল অসমৰ শোণিতপুৰ জিলাৰ বিহালী সমষ্টিৰ বিহালী চাহ বাগিচাত । বৃটিছ উপনিবেশৰ সাক্ষ্য বহনকাৰী ভাৰতৰ আটাইতকৈ বয়স্ক জীৱিত হাতীটোৰ নাম ৰাখিছিল বিজুলী প্ৰসাদ । পূৰ্বে বিজুলীক বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰগাঁও চাহ বাগিছাত ৰখা হৈছিল যদিও পিচত জিলাখনৰে বিহালী চাহ বাগিছাৰ বাসিন্দা হ’ল বিজুলী প্ৰসাদ ।

আজিও সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা বিজুলীৰ খবৰ ৰাখে ইংৰাজ চাহাবে । প্ৰায় ৮৬ বছৰ পূৰ্বে উইলিয়ামছন মেগৰ টি কোম্পানীয়ে ক্ৰয় কৰিছিল এই হাতীটো । বৃটিছৰ অলিভাৰ চাহাবে হাতীটোক নাম দিছিল বিজুলী প্ৰসাদ । মেগৰ কোম্পানীৰ পৰিয়ালৰ সদস্য হৈ পৰা বিজুলী এসময়ত হৈ পৰিছিল কোম্পানীটোৰ আভিজাত্যৰ প্ৰতীক ।

বিজুলিৰ খাদ্য তালিকাত আছিল প্ৰতিদিনে ২৫ কেজি চাউল, সম পৰিমাণৰ গোমধান, বুটমাহ আৰু সপ্তাহত কেইবাগাড়ীও কলগছ ৷ বিজুলী প্ৰসাদক এই খাদ্য যোগান ধৰি গৈছিল চাহ বাগিছাৰ কৰ্তৃপক্ষই । বিজুলী প্ৰসাদক পৰিচৰ্যাৰ বাবে বৃটিছৰ অলিভাৰ চাহাবে নিয়োগ কৰিছিল কেইবাজনো কৰ্মচাৰী ।

লগতে পঢ়ক: ক'ত, কেনেকৈ আছে এছিয়াৰ সবাটোকৈ বয়স্ক হাতীটো ?

তাৰ লগতে প্ৰতি সপ্তাহতে বিজুলী প্ৰসাদৰ শৰীৰৰ ওজন পৰীক্ষা কৰাৰ লগতে নিয়মিত বিজুলীৰ স্বাস্থ্য পৰীক্ষা কৰি পঠোৱা ব্যৱস্থা কৰিছিল বাগিছাখনৰ মুখ্য কাৰ্যালয় কলিকতালৈ । পশু চিকিৎসক ডাঃ কে কে শৰ্মাৰ তত্বাৱধানত হাতীটোক নিয়মিত স্বাস্থ্য পৰীক্ষা চলিছিল । কিন্তু জীয়াই থকা সময়ত পুৱাই প্ৰতি দিনে ২৫ কেজি খাদ্য যোগান ধৰিছিল ৷ বিজুলিক পৰিচৰ্যা কৰোতে বছৰি ৬ লাখ টকা খৰচ হয় ৷ এই সমুদায় খৰচ বহন কৰিছিল চাহ কোম্পানীয়ে ৷

পূৰ্বে কৰ্ণাটকৰ বয়স্ক হাতী চামুণ্ডা প্ৰসাদৰ ৮২ বছৰ বয়সত মৃত্যু হোৱাৰ পিচত বিজুলী প্ৰসাদেই বৰ্ষীয়ান হাতী হিচাপে স্বীকৃতি লাভ কৰিলিছিল ৷ কিন্তু আজি হাতীটোৰ মৃত্যু খবৰে সকলোকে মৰ্মাহত কৰি তুলিছে । জানিব পৰা মতে, বিজুলী প্ৰসাদৰ মৃত্যুৰ স্থানত ইতিমধ্যে উপস্থিত হৈছে বৰগাং বন বিভাগৰ এটা চিকিৎসকৰ দল ৷ এই চিকিৎসকৰ দলটোৱে আৰম্ভ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ কাম-কাজ ৷

লগতে পঢ়ক : কেনে আছে বৃটিছ উপনিৱেশৰ সাক্ষ্য বহনকাৰী বিজুলী প্ৰসাদ ?

Last Updated : Aug 21, 2023, 3:48 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.