বিশ্বনাথ চাৰিআলি, ১০ মাৰ্চ: আজি বিয়লি ৪ বজাত দেশৰ ৰাজধানী দিল্লীত নিৰ্বাচনী বিষয়াই এখনি সংবাদমেল যোগে আগন্তুক লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে । এই লৈ এতিয়া ব্যাপক উৎকণ্ঠা বিয়পি পৰিছে দেশৰ চোকে-কোণে । দেশৰ লগতে অসমতো দেখা গ'ল পুৱাৰে পৰা উৎকণ্ঠা । আন আন সমষ্টিৰ লগতে তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি সমূহতো ভোটাৰ ৰাইজৰ মাজত তৎপৰতা দেখা গৈছে ।
উল্লেখযোগ্য যে, বৰ্তমানৰ তেজপুৰৰ সাংসদ আৰ পি শৰ্মাক লৈ সুখী নহয় একাংশ ভোটাৰ ৰাইজ । সেয়েহে আৰ পি শৰ্মাৰ বদলি বৰ্তমানৰ অসম চৰকাৰৰ শক্তিশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেজপুৰ লোকসভা সমষ্টিত অৱতীৰ্ণ হোৱাটো বিচাৰে একাংশ ভোটাৰে । যোৱা ৫ টা বছৰে বৰ্তমানৰ সাংসদ আৰ পি শৰ্মাই তেজপুৰ সমষ্টিৰ হৈ একো উন্নয়নমূলক কাম নকৰা বাবে ৰাইজৰ ৰোষত পৰিছে ।