ETV Bharat / state

গহপুৰৰ দুজন লোকে সাজি উলিয়ালে ২৪০ ফুট দৈৰ্ঘৰ বাঁহৰ দলং - চৰকাৰ

গহপুৰৰ দুজন লোকে সাজি উলিয়ালে ২৪০ ফুট দৈৰ্ঘৰ বাঁহৰ দলং ৷ চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতিলৈ ৰৈ নাথাকি ৰাইজৰ সুবিধাৰ্থে ওলাই আহিল লোক দুগৰাকী ৷

বাঁহৰ দলং
বাঁহৰ দলং
author img

By

Published : Dec 29, 2020, 8:55 PM IST

বিশ্বনাথ, 29 ডিচেম্বৰ: চৰকাৰৰ প্ৰতিশ্ৰুতি ফলপ্ৰসু হোৱালৈ ৰৈ নাথাকি নিজেই ওলাই আহি ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে গহপুৰৰ দক্ষিণাঞ্চলৰ ব্ৰহ্মপুত্ৰৰ সুঁতিত সুভাষ কুটুম আৰু জয়ন্ত কুটুম নামৰ দুগৰাকী লোকে নিৰ্মাণ কৰি উলিয়ালে এখন বাঁহৰ দলং ৷ দুয়োগৰাকী লোকে ২৮০ ডাল বাঁহেৰে নিৰ্মাণ কৰিলে ২৪০ ফুট দৈৰ্ঘৰ বাঁহৰ দলং খন ৷

গহপুৰৰ দুজন লোকে সাজি উলিয়ালে ২৪০ ফুট দৈৰ্ঘৰ বাঁহৰ দলং

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, চৰকাৰে তেওঁলোকক বাৰম্বাৰ বহু প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও, আজিও উন্নয়ন মুখ দেখা নাই তেওঁলোকে ৷ স্থানীয় জনপ্ৰতিনিধিয়েও কোনো ধৰণৰ গুৰুত্ব নিদিয়া বুলি উল্লেখ কৰে ৰাইজে ৷ অৱশ্যে দলং নিৰ্মাণ কৰা দুয়োগৰাকী লোকক দলং খন নিৰ্মাণৰ নামত খৰচ হোৱা ধনৰাশি দিব বুলি স্থানীয় বিধায়ক উৎপল বৰাই প্ৰতিশ্ৰুতি দিয়াৰ কথা উল্লেখ কৰিছে লোক দুগৰাকীয়ে ৷

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.