ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 25, 2022, 7:01 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Stalin greeets Prez Murmu: তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক জনালে সম্ভাষণ

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে সোমবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ বাবে সম্ভাষণ জনায় (Tamil Nadu CM M K Stalin greeted President Droupadi Murmu) ৷ লগতে তেওঁ বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক তেওঁৰ কাৰ্যকাল সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জনায় ৷

Dynasty Politics in Karnataka: কৰ্ণাটকত বিজেপিৰ বাবে এক জাগ্ৰত সমস্যা

বিজেপিয়ে দীৰ্ঘদিন ধৰি কংগ্ৰেছক পৰিয়ালকেন্দ্ৰিক ৰাজনীতি (BJP using dynasty politics against Congress)চলাই অহা বুলি মন্তব্য কৰি অহাৰ সময়তে বিজেপি নিজেই কৰ্ণাটকত ইয়াৰ প্ৰতীক হৈ পৰিছে । বৰ্তমান ৰাজ্যখনত বিজেপিৰ 50 জনতকৈও অধিক সাংসদ, বিধায়ক আৰু বিধান পৰিষদৰ সদস্য আছে, যিসকলৰ পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক পটভূমি আছে ।

Spitting On CM Banner : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বেনাৰত পিকালে কোনে ?

দীঘলীপুখুৰীৰ অসম য়ুথ অলিম্পিক খেল প্ৰাংগনত নিন্দনীয় ঘটনা ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বেনাৰত পিকালে কোনো দুৰ্বৃত্তই (Spitting On CM Banner)৷ দীঘলীপুখুৰী পাৰৰ ৰ’য়িং খেল প্ৰাংগনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ পিছতো কোনো দুৰ্বৃত্তই মুখ্যমন্ত্ৰীৰ বেনাৰখনত পিক পেলাই থৈ যোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Spitting On CM Himanta Biswa Sarma Banner) ৷

Superstition : ঋতুস্ৰাৱৰ বাবেই গছপুলি ৰোপন কৰিবলৈ অনুমতি নিদিলে ছাত্ৰীক

বিজ্ঞানৰ যুগতো অন্ধবিশ্বাসে গ্ৰাস কৰিছে দেশৰ একাংশ লোকক (Superstition in India) ৷ ঋতুস্ৰাৱ হৈ থকাৰ ছাত্ৰীক বিদ্যালয়ত গছপুলি ৰোপনৰ বাবে অনুমতি নিদিলে বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে (Girl student not allowed to plant tree on menstrual period)৷

Pork controversy at Assam Sahitya Sabha: গাহৰি মাংস সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ যাদৱ শৰ্মাৰ

‘‘অসমখন এখন বৈচিত্ৰময় ৰাজ্য ৷ ইয়াত সকলোৰে নিজা নিজা খাদ্য সম্ভাৰ আছে ৷ ইজনৰ লগত সিজনৰ খাদ্য সম্ভাৰ নিমিলে৷ খাদ্য সম্ভাৰক লৈ বা সাজ পোছাকক লৈ অসম সাহিত্য সভাৰ নিচিনা এটা বৃহৎ অনুষ্ঠানত এইদৰে লাগি থকাটো ভাল লগা কথা নহয়’’ ৷ অসম সাহিত্য সভাত গাহৰি মাংসৰ ভাজি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ যাদৱ শৰ্মাৰ (Jadav Sarma on Pork controversy) ৷

Katrina-Vicky death threat: কেটৰিণা-বিকীক মৃত্যুৰ ভাবুকি দিয়া মনমিন্দৰক আটক

কেটৰিণা কাইফ আৰু বিকী কৌশলক মৃত্যুৰ ভাবুকি দিয়া Stalker জনক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । তেওঁক সংগ্ৰামী অভিনেতা বুলি অনুমান কৰা হৈছে আৰু তেওঁ ইনষ্টাগ্ৰামত কেটৰিণাক Stalk কৰি আছিল ।

AJYP establishment day : লখিমপুৰত AJYPৰ দ্বাবিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন

সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰত আয়োজন কৰা হয় অসম জাতীয়তাবাদী যুৱ পৰিষদৰ দ্বাবিংশতিতম প্ৰতিষ্ঠা দিৱস (22nd Foundation Day programme of AJYP begins)৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সহযোগত লখিমপুৰ জিলা পুথিভঁৰালত এই কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷

HSLC compartmental exam: পৰীক্ষাকেন্দ্ৰৰ বিসংগতিয়ে দোধোৰ-মোধোৰত পেলালে পৰীক্ষাৰ্থীক

পৰীক্ষা দিবলৈ গৈ পৰীক্ষাকেন্দ্ৰৰ বাবেই নগুৰ-নাকতি হ’ল পৰীক্ষাৰ্থীৰ ৷ হোজাইত পৰীক্ষাকেন্দ্ৰৰ বিসংগতিয়ে দোধোৰ-মোধোৰত পেলালে পৰীক্ষাৰ্থীসকলক (Compartmental examination Centre in Hojai) ৷

Devbhoomi Dwarka: দুই ষাঁড়ৰ যুঁজত আতংকিত দ্বাৰকাধীশ মন্দিৰত সমবেত ভক্ত

দেৱভূমি দ্বাৰকাৰ দ্বাৰকাধীশ মন্দিৰত দুটা ষাঁড়ৰ যুঁজৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে (Devbhoomi Dwarka viral video)। দ্বাৰকাধীশ মন্দিৰত সেৱা ল’বলৈ অহা ভক্তসকলক এই যুঁজে আতংকিত কৰি তুলিলে । যুদ্ধত লিপ্ত হোৱা দুই ষাঁড়ে কেইবাগৰাকীও ভক্তক হেঁচা মাৰি ধৰাৰ খবৰ লাভ কৰা গৈছে (Devotee crushed by bulls at Dwarkadhish temple) ।

Kargil Vijay Diwas: কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি BJP ৰ বাইক ৰেলী

অহা 26 জুলাইত উদযাপন কৰা হ’ব কাৰ্গিল বিজয় দিৱস ৷ ইয়াৰ লগত সংগতি ৰাখি সোমবাৰে ভাৰতীয় জনতা পাৰ্টিয়ে শ্ৰীনগৰৰ লাল চ'কৰ পৰা দ্ৰাছলৈ বাইক ৰেলীৰ আয়োজন কৰে ৷ অনুষ্ঠানটোত বিজেপি কৰ্মীসকলে অংশগ্ৰহণ কৰি পতাকা উত্তোলন কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.