ETV Bharat / state

বিশ্বনাথৰ কোৰিয়াৰ এঞ্জেঞ্চিত চুৰিকাণ্ড - গ্ৰীল ভাঙি লক্ষাধীক সা-সামগ্ৰী চুৰিৰ অভিযোগ

বিশ্বনাথত চোৰৰ তাণ্ডৱ ৷ এইবাৰ চোৰ শেন চকু কোৰিয়াৰ এঞ্জেঞ্চিত ৷ খিৰিকীৰ লোহাৰ গ্ৰীল ভাঙি লক্ষাধীক সা-সামগ্ৰী চুৰিৰ অভিযোগ ।

বিশ্বনাথৰ কোৰিয়াৰ এঞ্জেঞ্চিত চুৰিকাণ্ড
বিশ্বনাথৰ কোৰিয়াৰ এঞ্জেঞ্চিত চুৰিকাণ্ড
author img

By

Published : Mar 1, 2020, 11:48 PM IST

বিশ্বনাথ, 1 মাৰ্চ: বিশ্বনাথত এতিয়া চোৰৰ দপদপনি ৷ বিশ্বনাথত অব্যাহত আছে চোৰৰ তাণ্ডৱ ৷ এইবাৰ চোৰৰ শেন চকু পৰিল কোৰিয়াৰ এঞ্জেঞ্চিত ৷ চোৰে খিৰিকীৰ লোহাৰ গ্ৰীল ভাঙি লক্ষাধীক সা-সামগ্ৰী লৈ যোৱাৰ অভিযোগ ৷ কিছু দিন পূৰ্বে বিশ্বনাথ চহৰখনৰ পৰা এটা কুখ্যাত চোৰৰ দলে এখন ম’বাইল দোকানত সোমাই বহু ম’বাইল লুটপাত কৰি লৈ গৈছিল ।

সেই চোৰৰ দলটোক বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত আটক কৰি জেললৈ প্ৰেৰণ কৰা ঘটনাৰ বো- বা মাৰ নাযাওঁতেই পুনৰ বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত সংঘটিত হ’ল চুৰি কাৰ্য ৷

বিশ্বনাথ চাৰিআলি "ই কাৰ্ট" নামৰ কোৰিয়াৰ এঞ্জেঞ্চিটোত পুৱতি নিশা খিৰিকীৰ লোহাৰ গ্ৰীল ভাঙি লক্ষাধীক টকাৰ পাৰ্চেল চুৰি কৰি নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰতিষ্ঠাটোৱে । বৰ্তমান বিশ্বনাথ চাৰিআলিৰ আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে যদিও কোনো এটা চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে চাওক-দিনটোৰ শীৰ্ষ দহটা খবৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.