ETV Bharat / state

জামুগুৰিহাটত ছাত্ৰ সন্থাৰ শ্বহীদ দিৱস পালন - SWAHID DIVAS, BOOK RELEASE, sootea

১৯৮৩ চনৰ আজিৰ দিনটোতে অবৈধ বাংলাদেশী খেদিবলৈ গৈ প্ৰাণ হেৰুওৱা লোকসকললৈ শ্ৰদ্ধা জনাই সদৌ জামুগুৰি ছাত্ৰ সন্থা আৰু জামুগুৰি আঞ্চলিক উন্নতি সভাই ২০ মাৰ্চৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে । শনিবাৰেও জামুগুৰিহাটত শ্বহীদ দিৱস পালন কৰে সংগঠন দুটাই ।

জামুগুৰিহাটত শ্বহীদ দিৱস পালন ছাত্ৰ সন্থাৰ

author img

By

Published : Mar 20, 2021, 7:29 PM IST

চতিয়া,২০ মাৰ্চ: সদৌ জামুগুৰি ছাত্ৰ সন্থা আৰু জামুগুৰি আঞ্চলিক উন্নতি সভাৰ উদ্যোগত শনিবাৰে জামুগুৰিহাটত ৩৭ সংখ্যক শ্বহীদ দিৱস পালন কৰা হয় । জুয়ে পোৰা '৮৩' ৰ ২০ মাৰ্চৰ দিনা অবৈধ বাংলাদেশীক খেদিবলৈ গৈ জামুগুৰিহাটৰ পশ্চিম প্ৰান্তৰ লালেটাপুত এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈ জামুগুৰিহাটৰ ৮ জনকৈ যুৱকে অবৈধ নাগৰিকৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ৷

বুকুত অদম্য সাহস লৈ স্বদেশৰ হকে প্ৰাণ উচৰ্গা কৰা এই যুৱককেইজনৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে ২০ মাৰ্চৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে সদৌ জামুগুৰি ছাত্ৰ সন্থা আৰু জামুগুৰি আঞ্চলিক উন্নতি সভাই । কেন্দ্ৰীয় শ্বহীদ বেদী প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে শনিবাৰে শ্বহীদ দিৱস অনুষ্ঠিত হয় । পুৱা পতাকা উত্তোলন কৰে সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ সভাপতি ধূৰ্জত গোস্বামী আৰু জামুগুৰি আঞ্চলিক উন্নতি সভাৰ সভাপতি ইন্দ্ৰপ্ৰসাদ নাথে ৷

ইয়াৰ পাছতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু শ্বহীদ পৰিয়ালবৰ্গক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ শুভাৰম্ভ কৰে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে ৷ এই অনুষ্ঠানৰ পাছতে উদ্দীপ্ত কাশ্যপৰ 'বৃদ্ধাশ্ৰম' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক তথা লাইফ অফ এ ড্ৰাইভাৰৰ লিখক ৰূপম দত্তই ।

কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপনৰ কাৰ্যসূচীত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেজপুৰ জিলা সমিতিৰ সভাপতি বিশ্বজিত কলিতাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰাষ্ট্ৰীয় কৃষক নেতা ৰমেশ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.