বিশ্বনাথ, 5 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ দিনকেইটাত বিশ্বনাথ চাৰিআলিত হ'ব পৰা সম্ভাব্য যান-জঁট নিয়ন্ত্ৰণৰ বাবে বিশ্বনাথ আৰক্ষীৰ যান-বাহন শাখাই কেতবোৰ বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷ সেই অনুসৰি 5 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ প্ৰতিদিনে বিয়লি 5 বজাৰ পাছত বিশ্বনাথ চাৰিআলি নগৰৰ ভিতৰত লঘু যাত্ৰীবাহী বাহন যেনে, ছুপ্ৰ', মেজিক, ই-ৰিক্সা আদিৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ তেজপুৰৰ দিশৰ পৰা অহা এনে বাহনসমূহ এই দিনকেইটাৰ বাবে বিশ্বনাথ চাৰিআলিৰ ক্ল'ক টাৱাৰৰ ওচৰত গহপুৰৰ দিশৰ পৰা অহা বাহনসমূহ কে পি মেম'ৰিয়েল হাস্পাতাল বা ৰ'দালি ল'জৰ ওচৰত, বিশ্বনাথ ঘাটৰ ফালৰ পৰা অহা বাহনসমূহ হাটখোলাৰ কলেজ তিনিআলিৰ ওচৰত আৰু পাভৈৰ দিশৰ পৰা অহা বাহনসমূহ বৌ বজাৰ শিৱ মন্দিৰৰ কাষৰ দলঙৰ ওচৰত নিয়ন্ত্ৰণ কৰা হ'ব বুলি জানিবলৈ দিয়া হৈছে ।
যান-বাহন নিয়ন্ত্ৰণৰ লগতে দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে বিশ্বনাথ চাৰিআলি কেন্দ্ৰীয় পূজা পৰিচালনা সমিতিৰ সৌজন্যত চহৰৰ মাজমজিয়াৰ ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ৰ পিছফালৰ বাকৰিত আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ চৌহদত দুটা পেইড পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে । বিশ্বনাথ ঘাট পথ আৰু পাভৈ পথৰ নিৰ্দিষ্ট এলেকাতো পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে । আনহাতে, বিশ্বনাথ চাৰিআলিৰ পুলিচ পইণ্টৰ চাৰিওদিশে দুশ মিটাৰ ব্যাসাৰ্ধৰ পথক সম্পূৰ্ণৰূপে ন' পাৰ্কিং হিচাপে ঘোষণা কৰা হৈছে । পূজাৰ দিনকেইটাত শান্তি-শৃংখলা বজাই ৰাখি সমূহ ৰাইজক আনন্দেৰে পূজা উপভোগৰ সুবিধা প্ৰদানৰ স্বাৰ্থত বিশ্বনাথ আৰক্ষীয়ে জাৰি কৰা এই নীতি-নিৰ্দেশনাসমূহ মানি চলিবৰ বাবে জিলা প্ৰশাসনৰ লগতে কেন্দ্ৰীয় পূজা পৰিচালনা সমিতিয়ে বিশ্বনাথবাসী ৰাইজলৈ গোহাৰি জনাইছে ।