ETV Bharat / state

গামোচাত অংকণ কৰিলে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবি

author img

By

Published : Dec 31, 2020, 10:33 AM IST

Updated : Dec 31, 2020, 11:49 AM IST

গুৰুজনাৰ প্ৰতিচ্ছবি গামোচাত অংকণ কৰিলে অসম অৰুণাচল সীমান্ত চেলাইখাটীৰ গাঁৱৰ অৱন্তী দৈমাৰী নামৰ এগৰাকী শিপিনীয়ে ৷ গুৰু জনাৰ প্ৰতিচ্ছবি অংকণ কৰা এখন গামোচা শিপিনী গৰাকীয়ে বিশ্বনাথ চাৰিআলি হস্ততাঁত বস্ত্ৰ শিল্প বিভাগক জমা দিছে ৷

shankardev Image Drawing A Gmosa
অসমৰ শিপিনীয়ে গামোচাত অংকন কৰিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবি

বিশ্বনাথ, ৩১ ডিচেম্বৰ : বিশ্বনাথ জিলা উত্তৰে অসম অৰুণাচল সীমান্ত চেলাইখাটীৰ গাঁৱৰ অৱন্তী দৈমাৰী নামৰ এগৰাকী শিপিনীয়ে গামোচাত অংকণ কৰিলে গুৰুজনাৰ প্ৰতিচ্ছবি । ২০১১ চনৰ পৰা তাঁতশালত জড়িত অৱন্তী দৈমাৰীয়ে গুৰুজনাৰ প্ৰতিচ্ছবি অংকণ কৰা এখন সুন্দৰ গামোচা বৈ উলিওৱাৰ উপৰিও আৰু কেইবাখনো গামোচাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ‌।

ইফালে,গুৰু জনাৰ প্ৰতিচ্ছবি অংকণ কৰা এখন গামোচা শিপিনী গৰাকীয়ে বিশ্বনাথ চাৰিআলিৰ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগক জমা দিছে ৷ ইয়াৰ সমান্তৰালভাৱে কেইবাখনো গামোচা বিক্ৰী কৰা লগতে শিপিনী গৰাকীৰ গামোচা কিনিবলৈ এতিয়া গ্ৰাহকে ভিৰ কৰিছে ৷

উল্লেখ্য যে,বিভিন্ন সময়ত বিভিন্ন ঠাই শিপিনী সকলে গুৰু জনাৰ পুথি বৈ উলিওৱা দেখা গৈছে যদিও অৱন্তী দৈমাৰী দৰে অতি দৰিদ্ৰ শিপিনী গৰাকীয়ে সুন্দৰ ভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অংকণ কৰা ব্যতিক্ৰমী প্ৰয়াসক এতিয়া সকলোৱে শলাগ জনাইছে ৷

লগতে পঢ়ক: মাদ্ৰাছা বন্ধৰ বিধেয়ক গৃহীতক লৈ কৰিমগঞ্জত তীব্ৰ প্ৰতিবাদ

Last Updated : Dec 31, 2020, 11:49 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.