ETV Bharat / state

ছয়দুৱাৰত সখীৰ উৎপাদন আৰম্ভ

author img

By

Published : Jun 16, 2019, 8:06 AM IST

শনিবাৰে মহিলা আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত চেনিটেৰী নেপকিন 'সখী'ৰ শুভ উদ্বোধন কৰাৰ লগতে আজীৱিকা গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ অধীনত আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত অটো'ৰিক্সা প্ৰদান অনুষ্ঠান প্ৰদান কৰা হয় গহপুৰ বিধানসভা সমষ্টিৰ ছয়দুৱাৰ উন্নয়ণ খণ্ড কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ৷

চেনিটেৰী নেপকিন 'সখী'ৰ শুভ উদ্বোধন

ছয়দুৱাৰ, 16 জুনঃ গহপুৰ বিধানসভা সমষ্টিৰ ছয়দুৱাৰ উন্নয়ণ খণ্ড কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত শনিবাৰে মহিলা আত্মসহায়ক গোটৰ দ্বাৰা চেনিটেৰী নেপকিন 'সখী'ৰ উদ্বোধনৰ আৰম্ভ কৰা হয় ৷ লগতে আজীৱিকা গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ অধীনত আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত অটোৰিক্সা প্ৰদান অনুষ্ঠান সম্পন্ন হয় ৷

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত এই উপলক্ষে ছয়দুৱাৰ উন্নয়ণ খণ্ড কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত শনিবাৰে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান ৷ বিচি নিতীশ কুমাৰ পাটগিৰিয়ে আঁতধৰা অনুষ্ঠানটোত অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ ষ্টেট প্ৰজেক্ট মেনেজাৰ পল্লৱ গোস্বামীয়ে অংশগ্ৰহণ কৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কৰ্মসূচীৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনতে গঢ়ি উঠা মহিলা সৱলীকৰণৰ বিষয়ে ভাষণত উল্লেখ কৰাৰ লগতে সম্পূৰ্ণ ব্যৱসায়িক মনোবৃত্তিৰে মহিলা সকলক প্ৰতিখন আঁচনিৰ লগত জড়িত হোৱাৰ আহ্বান জনায় ৷

etv bharat
চেনিটেৰী নেপকিন 'সখী'ৰ শুভ উদ্বোধন

অনুষ্ঠানটোত অসমৰ 'পেডমেন'খ্যাত অলৱেজ ফাউণ্ডেশ্বনৰ নয়নজ্যোতি শইকীয়া আৰু বাগ্মীতা বৰাৰ লগতে জিলা প্ৰকল্প পৰিচালক মঃ হাবিবুল্লা আহমেদ, ডিষ্ট্ৰিক ফাংচনেল এক্সপাৰ্ট সমীৰণ শইকীয়া উপস্থিত থাকে ৷

উল্লেখ্য যে, ছয়দুৱাৰ খণ্ড অভিযান পৰিচালনা শাখাৰ অধীনৰ বুৰৈ মণ্ডল পৰ্যায়ৰ সংগঠনৰ বাৰজনীয়া এটি আত্মসহায়ক গোটৰ উদ্যোগত আৰু পেডমেনখ্যাত নয়নজ্যোতি শইকীয়াৰ তত্বাৱধান আৰু সহযোগত চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা 'সখী- স্ত্ৰীৰ স্বাভিমান' নামৰ মহিলাসকলৰ বাবে চেনিটেৰী নেপকিন উৎপাদন কৰি আছে ৷ ছয়দুৱাৰৰ লগতে ৰাজ্যৰ মুঠ সাতটা স্থানত গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে উক্ত চেনিটেৰী নেপকিন উৎপাদনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ৷ শনিবাৰে আনুষ্ঠানিক ভাবে 'সখী'ৰ শুভ উদ্বোধন কৰে সভাৰ সন্মানীয় অতিথিসকলে ৷ 'সখী' নেপকিনৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে ছয়দুৱাৰৰ যথেষ্টসংখ্যক মহিলা আৰ্থিকভাবে স্বাৱলম্বী হৈ উঠিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ৷

as_biswanath_15_june_nepkin_802_photo_scrpt_as10018

গহপুৰ  ছয়দুৱাৰ উন্নয়ণ খণ্ডত চেনিটেৰী নেপকিন 'সখী'ৰ শুভ উদ্বোধন ৷ আত্মসহায়ক গোটক অটো'ৰিক্সা প্ৰদান                                                                                                

গহপুৰ বিধান সভা সমষ্টিৰ ছয়দুৱাৰ উন্নয়ণ খণ্ড কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি মহিলা আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত চেনিটেৰী নেপকিন  'সখী'ৰ শুভ উদ্বোধন কৰাৰ লগতে আজীৱিকা গ্ৰামীন এক্সপ্ৰেছ যোজনাৰ অধীনত আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত অটো'ৰিক্সা প্ৰদান অনুষ্ঠান সম্পন্ন হয় ৷ অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ উদ্যোগত এই উপলক্ষে ছয়দুৱাৰ উন্নয়ণ খণ্ড কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান ৷  নিৰ্মলা ক্লাষ্টাৰৰ মহিলা সকলে পৰিবেশন কৰা এটি ভক্তিমুলক গীতেৰে শুভাৰম্ভ কৰা সভাখনত সভাপতিত্ব কৰে ছয়দুৱাৰ উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া পৰমা শইকীয়াই ৷ আদৰণি ভাষণ প্ৰদান কৰে অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ ছয়দুৱাৰৰ বিপিএম বিজয় কৃষ্ণ কোঁচে ৷ বিচি নিতীশ কুমাৰ পাটগিৰিয়ে আঁতধৰা অনুষ্ঠানটোত অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ ষ্টেট প্ৰজেক্ট মেনেজাৰ পল্লৱ গোস্বামীয়ে অংশগ্ৰহন কৰি অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ কৰ্মসূচীৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনতে গঢ়ি উঠা মহিলা সৱলীকৰনৰ বিষয়ে ভাষণত উল্লেখ কৰাৰ লগতে সম্পূৰ্ণ ব্যৱসায়িক মনোবৃত্তিৰে মহিলা সকলক প্ৰতিখন আঁচনিৰ লগত জড়িত হবৰ বাবে আহ্বান জনায় ৷ অনুষ্ঠানটোত অসমৰ 'পেডমেন'খ্যাত অলৱেজ ফাউণ্ডেশ্বনৰ নয়নজ্যোতি শইকীয়া আৰু বাগ্মীতা বৰাৰ লগতে জিলা প্ৰকল্প পৰিচালক মঃ হাবিবুল্লা আহমেদ, ডিষ্ট্ৰিক ফাংচনেল এক্সপাৰ্ট সমীৰণ শইকীয়া উপস্থিত থাকি সভাৰ সৌস্থৱ বৃদ্ধি কৰে ৷ উল্লেখ্য যে, ছয়দুৱাৰ খণ্ড অভিযান পৰিচালনা শাখাৰ অধীনৰ বুৰৈ মণ্ডল পৰ্যায়ৰ সংগঠনৰ বাৰজনীয়া এটি অাত্মসহায়ক গোটৰ উদ্যোগত আৰু পেডমেনখ্যাত নয়নজ্যোতি শইকীয়াৰ তত্বাৱধান আৰু সহযোগত চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা 'সখী- স্ত্ৰীৰ স্বাভিমান' নামৰ মহিলাসকলৰ বাবে চেনিটেৰী নেপকিন উৎপাদন কৰি আছে ৷ ছয়দুৱাৰৰ লগতে ৰাজ্যৰ মুঠ সাতটা স্থানত গ্ৰামীন জীৱিকা অভিযানৰ জৰিয়তে উক্ত চেনিটেৰী নেপকিন উৎপাদনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ৷ আজিৰ অনুষ্ঠানটোতে আনুষ্ঠানিক ভাবে  'সখী'ৰ শুভ উদ্বোধন কৰে সভাৰ সন্মানীয় অতিথিসকলে ৷ 'সখী' নেপকিনৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে ছয়দুৱাৰৰ যথেষ্টসংখ্যক মহিলা আৰ্থিকভাবে স্বাৱলম্বী হৈ উঠিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ৷

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.