বিশ্বনাথ, 22 নৱেম্বৰ : পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আহ্বানত সমগ্ৰ ভাৰততে "জনজাগৰণ অভিযান" আৰম্ভ কৰা হয় ৷ ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ (All India Congress Committee) প্ৰাক্তন সভাপতি ৰিপুন বৰাৰ নেতৃত্বত ছয়দুৱাৰ আৰু পূৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত গহপুৰ বিধান সভা সমষ্টিত 14 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই জনজাগৰণ পদযাত্ৰাৰ 20 নৱেম্বৰত গহপুৰত সামৰণি পৰে ৷

সমষ্টিটোৰ কাৰিবিল গাঁও পঞ্চায়তৰ পৰা আৰম্ভ হোৱা উক্ত জনজাগৰণ যাত্ৰাত গহপুৰ বিধান সভা সমষ্টিৰ 15 টাকৈ পঞ্চায়ত সামৰি জনজাগৰণ পদযাত্ৰা কৰা হয় ৷ প্ৰায় 150 কিলোমিটাৰ জোৰা এই পদযাত্ৰাত ৰিপুণ বৰাই অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ কাৰ্যকালত হোৱা আকাশলংঘী মূল্যবৃদ্ধিৰ তীব্ৰ প্ৰতিবাদ কৰে ৷
শনিবাৰে প্ৰথম পৰ্যায়ৰ সামৰণি কাৰ্যসূচীৰ অংশস্বৰূপে পুৰূপবাৰীৰ পৰা গহপুৰ নগৰৰ মাজেৰে পদযাত্ৰা কৰি বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলা হয় ৷ ৰিপুণ বৰাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি প্ৰায় 5 বছৰ 6 মহীয়া ৰাজত্বকালত অসমক কেৱল ভুৱা প্ৰতিশ্ৰুতিৰে প্ৰতাৰণা কৰিলে বুলি মন্তব্য কৰে ৷ কেন্দ্ৰতো প্ৰায় 7 বছৰ 6 মাহৰ ৰাজত্ব কৰি ৰাইজক আভুৱা ভাৰিলে বুলিও কটাক্ষ কৰে ৷

নিত্যব্যৱহৃত সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ যি প্ৰতিশ্ৰুতি বিজেপি মিত্ৰজোঁটে নিৰ্বাচনৰ পূৰ্বে দিছিল সেয়া এতিয়া ধোঁৱা চাঙত উঠিল ৷ সম্প্ৰতি মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে ৰাইজক ৷ আচৰিত কথা এয়ে যে চলিত বৰ্ষৰ 1 জানুৱাৰীৰ পৰা 24 অক্টোবৰলৈ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য 96 বাৰ বৃদ্ধি হৈছে ৷
অলপতে হৈ যোৱা দেশৰ 30 টা বিধান সভা আৰু 3 টা লোকসভা সমষ্টিৰ উপনিৰ্বাচনত অসমক বাদ দি বাকী ৰাজ্য সমূহত বিজেপি ধৰাশায়ী হোৱাৰ পিছত শংকিত হৈ পৰিছে বিজেপি চৰকাৰ ৷ আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উত্তৰ প্ৰদেশকে ধৰি দেশৰ 5 খন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি 4 নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পেট্ৰ’ল-ডিজেলৰ মূল্য সামান্য হ্ৰাস কৰা পৰিলক্ষিত হৈছে যদিও এতিয়াও পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত 95 টকাতকৈ অধিক আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত 80 টকাতকৈ অধিক হৈ আছে ৷

টানত পৰি ৰাম নাম লোৱা বিজেপি নেতৃত্বাধীন চৰকাৰ খনে শেহতীয়াভাৱে প্ৰতিলিটাৰ পেট্ৰ’লত 5 টকা আৰু প্ৰতিলিটাৰ ডিজেলত 10 টকা আৱকাৰী শুল্ক হ্ৰাস কৰিলেও ৰাইজে বৰ্তমানে প্ৰকৃত দামৰ অতিৰিক্ত প্ৰতিলিটাৰ পেট্ৰ’লত 27.90 টকা আৰু প্ৰতিলিটাৰ ডিজেলত 21.80 টকা কৰ আদায় দি থাকিবলগীয়া হৈছে ৷
লগতে চাওক : Tunnel under Brahmaputra river : প্ৰতিৰক্ষা বিভাগে নিৰ্মাণ কৰিব সুৰংগ