বিশ্বনাথ,6 ফেব্ৰুৱাৰীঃ বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ জনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ৷ বৃহস্পতিবাৰে পুৱা প্ৰায় 6 মান বজাত প্ৰকাণ্ড গঁড়টো দেখা মাত্ৰকে হুৱা-দুৱা লাগে অঞ্চলটোত ৷ ঘটনা সন্দৰ্ভত ততালিকে স্থানীয় ৰাইজে যোগাযোগ কৰে বনকৰ্মীৰ সৈতে ৷ বন বিভাগৰ এটি দল পলমকৈ ঘটনাস্থলীত উপস্থিত হয় যদিও উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী মোনাবাৰীলৈ এইদৰে প্ৰায়ে খাদ্যৰ সন্ধানত ওলাই আহে বন্যপ্ৰাণীসমূহ ৷ অঞ্চলটোত প্ৰথমে মোনাবাৰী আদিবাসী ছাত্র সন্থাৰ সদস্যসকলে গঁড়টো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক সজাগ হ’বলৈ আহ্বান জনায় ৷ বন বিভাগৰ লোকে বৰ্তমান গঁড়টোক অঞ্চলটোৰ পৰা খেদি পঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷
লগতে চাওকঃবটদ্ৰৱাত আৰক্ষীৰ ছত্ৰ ছায়াত মুকলি জুৱা !