ETV Bharat / state

বিহালী খণ্ড উন্নয়ন প্ৰেক্ষাগৃহত ক’ভিড সজাগতা সভা

author img

By

Published : Jun 5, 2021, 11:23 AM IST

শুকুৰবাৰে বিশ্বনাথৰ বিহালী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয় । সভাত উপস্থিত থাকি বিধায়ক ৰঞ্জিত দত্তই সকলো কণ্টেইনমেণ্ট জ'নত অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে ।

Ranjit Dutta holds meeting with Bihali block officer
ক'ভিড পৰিস্থিতি সন্দৰ্ভত বিহালী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সভা

বিশ্বনাথ,৫ জুন: বিহালী সমষ্টিৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে শুকুৰবাৰে বিয়লি বিহালী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয় । সভাত উপস্থিত থাকে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বিহালী মণ্ডলৰ অধীনৰ পঞ্চায়ত প্ৰতিনিধি, বিহালী খণ্ড উন্নয়ন বিষয়া, জিনজিয়াৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, বৰগাং বনাঞ্চলিক বিষয়া, বিহালী প্ৰাথমিক চিকিৎসালয় জ্যেষ্ঠ চিকিৎসক ডাঃ জে চি বে'ই, বিশ্বনাথ জিলা ৰাজহ চক্ৰ বিষয়াকে ধৰি কেইবাজনো উচ্চপদস্থ বিষয়া ।

বিহালীৰ গ্ৰামাঞ্চলত ক'ভিড মহামাৰীৰ সংক্ৰমণ যাতে অধিক হ'ব নোৱাৰে তাৰ বাবে নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা ল'বলৈ জিলা প্ৰশাসনৰ বিষয়াসকলৰ লগতে পঞ্চায়ত প্ৰতিনিধিসকলক আহ্বান জনাই বিধায়ক ৰঞ্জিত দত্তই ।

ইফালে, বৰ্তমান সমষ্টিটোত থকা কণ্টেইনমেণ্ট জ'নবোৰত খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন অত্যাৱশকীয় সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত যাতে কোনো নাটনি নহয়, তাৰ ওপৰত গুৰুত্ব দিবলৈ প্ৰশাসনিক বিষয়া আৰু পঞ্চায়ত প্ৰতিনিধিক নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে "দৌৰ"ৰ ব্যতিক্ৰমী প্ৰয়াস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.