ETV Bharat / state

কোনে পাব ৰঙাপৰা সমষ্টিত টিকট ? ব্যাপক প্ৰস্তুতি কংগ্ৰেছ বিজেপিৰ

কোন হ'ব ৰঙাপৰা সমষ্টিৰ বিধায়ক ? নিজৰ দখলত ৰখাৰ বাবে বিজেপিৰ চেষ্টা অব্যাহত । দলীয় টিকট বিচাৰি একাংশ স্থানীয় প্ৰাৰ্থীয়ে কৰিছে আবেদন ৷ যোগ্য আৰু নিকা ভাবমুৰ্ত্তিৰ ব্যক্তিয়ে প্ৰাৰ্থীত্ব পোৱাটো বিচাৰে সাংসদ পল্লৱ লোচন দাসে ৷

কোনে পাব ৰঙাপৰা সমষ্টিত টিকট ? ব্যাপক প্ৰস্তুতি কংগ্ৰেছ বিজেপিৰ
author img

By

Published : Sep 23, 2019, 9:01 PM IST

ৰঙাপৰা, 23 ছেপ্টেম্বৰঃ অসমৰ চাৰিটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই ব্যাপক চৰ্চালৈ আহিছে তেজপুৰৰ ৰঙাপৰা সমষ্টিটো ৷ কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত ৰঙাপৰা সমষ্টিত 2016 চনৰ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে জয়ী হবলৈ সক্ষম হৈছিল ৷ কিন্তু সদ্য সমাপ্ত লোক সভা নিৰ্বাচনত ৰঙাপৰা সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসে তেজপুৰ লোক সভা সমষ্টিৰ পৰা জয়ী হোৱাত ৰঙাপৰা সমষ্টিটোৰ আসন খন খালী হয় ৷

উপ নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ৰঙাপৰা সমষ্টিটো নিজৰ দখলত ৰখাৰ বাবে বিজেপি দলে বৰ্তমান চেষ্টা অব্যাহত ৰাখিছে । দলীয় টিকট বিচাৰি একাংশ স্থানীয় প্ৰাৰ্থীয়ে ইতিমধ্যে আবেদন কৰিছে ৷ অহা 24 ছেপ্টেম্বৰত ৰঙাপৰা সমষ্টিৰ ফুলবাৰী চাহ বাগিচাত বিজেপিয়ে আয়োজন কৰিছে এখন দলীয় সভা আৰু উক্ত সভাৰ পৰাই চাৰিটা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব বিজেপি দলে ৷

ইফালে সভাস্থলীৰ বুজ ল'বলৈ আহি তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে ৰঙাপৰা সমষ্টিত এজন যোগ্য আৰু নিকা ভাবমুৰ্ত্তিৰ ব্যক্তিয়ে প্ৰাৰ্থীত্ব পোৱাটো বিচাৰে বুলি মন্তব্য কৰে ৷ লগতে তেওঁ কয় যে, স্থানীয় বহু যোগ্য ব্যক্তি আছে কিন্তু দলীয় টিকট দিয়াত মোৰ হাত নাই সেয়ে দলে যাক যোগ্য বিবেচনা কৰে তাকে টিকট দিব ।

কোনে পাব ৰঙাপৰা সমষ্টিত টিকট ? ব্যাপক প্ৰস্তুতি কংগ্ৰেছ বিজেপিৰ

এনে ৰঙাপৰা সমষ্টিত কোনে লাভ কৰিব বিজেপিৰ দলীয় প্ৰাৰ্থীত্ব তাকে লৈ আৰম্ভ হৈছে ব্যাপক জল্পনা কল্পনা ৷ আনহাতে স্বাধীনতাৰ পাছৰে পৰা প্ৰায় সংখ্যক সময় নিজৰ দখলত ৰাখিবলৈ সক্ষম হোৱা ৰঙাপৰা সমষ্টিটো পুনৰ নিজৰ দখললৈ আনিবলৈ কংগ্ৰেছ দলেও চেষ্টা অব্যাহত ৰাখিছে ৷ কংগ্ৰেছ দলে এইবাৰ এজন স্থানীয় প্ৰাৰ্থীক টিকট দিয়াৰ সম্ভৱনা আছে । এনে প্ৰেক্ষাপটত ৰঙাপৰা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপিৰ মাজতে মুল যুঁজ খন যে হ'ব সেয়া নিশ্চিত ।

Intro:ৰঙাপৰা সমষ্টিত এজন নিকা আৰু যোগ্য ব্যক্তিক প্ৰাৰ্থীত্ব পোৱাটো বিচাৰিছে পল্লৱ লোচন দাসেBody:ৰঙাপৰাঃ অসমৰ ৪ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষনা কৰাৰ লগে লগে ব্যাপক চৰ্চাৰ মাজলৈ আহিছে ৰঙাপৰা সমষ্টিৰ প্ৰসঙ্গটো ৷ কংগ্ৰেছৰ দুৰ্গ স্বৰূপ হিচাপে পৰিগণিত ৰঙাপৰা সমষ্টিটো ২০১৬ চনৰ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে জয়ী হবলৈ সক্ষম হয়। উপ-নিৰ্বাচনত সমষ্টিটো নিজৰ দখলত ৰখাৰ বাবে বিজেপি দলে চেষ্টা অব্যাহত ৰাখিছে। দলীয় টিকট বিচাৰি একাংশ স্থানীয় প্ৰাৰ্থীয়ে ইতিমধ্যে আবেদন কৰিছে। ২৪ ছেপ্তেম্বৰত ৰঙাপৰা সমষ্টিৰ ফুলবাৰী চাহ বাগিচাত বিজেপিয়ে আয়োজন কৰিছে এখন দলীয় সভা আৰু উক্ত সভাৰ পৰাই চাৰিটা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব বিজেপি দলে। সভাস্থলীৰ বুজ লবলৈ আহি তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে ৰঙাপৰা সমষ্টিত এজন যোগ্য আৰু নিকা ভাবমুৰ্ত্তিৰ ব্যক্তিয়ে প্ৰাৰ্থীত্ব পোৱাটো বিচাৰে। স্থানীয় বহু যোগ্য ব্যক্তি আছে কিন্তু দলীয় টিকট দিয়াটো মোৰ হাত নাই সেয়ে দলে যাক যোগ্য বিবেচনা কৰে তাকে টিকট দিব। সকলোৰে প্ৰচন্দৰ প্ৰাৰ্থী থাকে, কিন্তু টিকট কোনেও দিব নোৱাৰে। এনে অৱস্থাত ৰঙাপৰা সমষ্টিত কোনে লাভ কৰিব বিজেপিৰ দলীয় প্ৰাৰ্থীত্ব তাকে লৈ আৰম্ভ হৈছে ব্যাপক জল্পনা কল্পনা।স্বাধীনতাৰ পাছৰে পৰা প্ৰায়ে সংখ্যক নিজৰ দখল থকা ৰঙাপৰা সমষ্টি পুণৰ নিজৰ দখললৈ আনিবলৈ কংগ্ৰেছ দলে চেষ্টা অব্যাহত ৰাখিছে ৷ কংগ্ৰেছ দলে এইবাৰ এজন স্থানীয় প্ৰাৰ্থীক টিকট দিয়াৰ সম্ভৱনা আছে। ৰঙাপৰা সমষ্টিত হবলগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপিৰ মাজতে মুল যুজ হব সেয়া নিশ্চিত।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.