বিশ্বনাথ,11 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত গৃহীত হোৱাৰ পিছত অধিক শোচনীয় হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি ৷ একেই ছবি দেখিবলৈ পোৱা গৈছে বিশ্বনাথ জিলাতো ৷ বৃহস্পতিবাৰে জিলাখনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰে গৈ থকা অৱস্থাত প্ৰতিবাদকাৰীৰে ভেটাভেটি হয় গহপুৰৰ বিজেপি বিধায়ক উৎপল বৰাৰ ৷ উত্তপ্ত প্ৰতিবাদকাৰীসকলে বিধায়ক বৰাৰ কনভয়ক ভেটি ধৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হয় ৷ সুযোগ বুজি প্ৰতিবাদকাৰী দলটোৰ আবেষ্টনীৰ পৰা পলায়ন কৰে জন-প্ৰতিনিধিগৰাকী ৷ ৰাইজৰ ৰোষত পৰা বৰাই আশ্ৰয় গ্ৰহণ কৰে জিনজিয়া আৰক্ষী চকীত ৷ পিছত প্ৰতিবাদী জনতাৰ দলটোক নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হয় স্থানীয় আৰক্ষী ৷ উল্লেখ্য যে, ৰাজ্যৰ সৰ্বত্ৰে কেব বিৰোধী জুই এতিয়াও অব্যাহত আছে ৷
লগতে চাওকঃঅগ্নিগৰ্ভা অসমঃৰাজপথত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজ