বিশ্বনাথ, ২৫ ফেব্ৰুৱাৰী : বিশ্বনাথৰ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ-গাংমৌথান সংযোগী পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে অঞ্চলটোৰ ৰাইজক । পথটোৰ অধিকাংশ স্থানতে সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ ।
উল্লেখ্য যে এই পথছোৱাৰে দৈনিক প্ৰায় সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়, মহাবিদ্যালয়লৈ অহা-যোৱা কৰাৰ সমান্তৰালকৈ ৰবিহালী আৰক্ষী থানা, পশু চিকিৎসালয়কে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়লৈ ৰাইজে অহা-যোৱা কৰে যদিও কোনো বিভাগীয় বিষয়া-কৰ্মচাৰীৰ চকুত পৰা নাই পথছোৱাৰ দুৰৱস্থা।