বিশ্বনাথ,7 মে’ : কৰ’ণাৰ ভয়াৱহতাৰ মাজতে এইবাৰ খৰাঙৰ কবলত পৰিছে ৰাজ্যৰ চাহ খেতি ৷ বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালীতো পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৷ বিগতো বছৰতো চাহ বাগিচাসমূহৰ উৎপাদন যথেষ্ট কম আছিল ।
লকডাউনৰ সময়ত কাম বন্ধ হোৱাৰ ফলত চাহপাতসমূহ টান আৰু দীঘল হোৱা বাবে পুনৰ কলম কাটিবলগীয়া হৈছিল । লকডাউন খোলাৰ পাচতো অতিৰিক্ত এমাহলৈ পাত ওলোৱা নাছিল । মাত্ৰ তিনিমাহহে খেতিয়কসকলে উৎপাদন কৰিবলৈ সক্ষম হৈছিল চাহপাত ৷
এইবেলি পুনৰ খৰাং পৰাৰ লগে লগে চাহখেতিৰ অৱস্থা যথেষ্ট উদ্বেগজনক হৈ পৰিছে চাহখেতিয়ক সকল । কিয়নো পানীৰ অভাৱত এফালৰ পৰা শুকাবলৈ ধৰিছে চাহগছৰ পাত সমূহ ৷ যাৰ ফলস্বৰূপে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা অতি শোচনীয় হৈ পৰা পৰিলক্ষিত হৈছে ৷
অৱশ্যে যিসকল খেতিয়ক আৰ্থিকভাৱে সবল তেওঁলোকে নিজাববীয়াকৈ পানী যোগানৰ ব্যৱস্থা কৰিছে যদিও সাধাৰণ শ্ৰেণীৰ চাহ খেতিয়কসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে । এই ক্ষতি পৰৱৰ্তী সময়ত কেঁচা চাহপাতৰ দাম বাঢ়িলেও পূৰণ নহ’ব বুলি আশংকা কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৷
লগতে পঢ়ক : অসম-নাগালেণ্ড সীমান্তত নগা দুস্কৃতিকাৰীয়ে সাজিছে তোৰণ