ETV Bharat / state

ৰাষ্ট্ৰীয় ঘাইপথ নে গৰু বাট ? 15নং ৰাষ্ট্ৰীয় ঘাইপথে জ্বলাকলা খুৱাইছে বিশ্বনাথবাসীক - 15নং ৰাষ্ট্ৰীয় ঘাইপথ

বিশ্বনাথ চাৰিআলিৰ ঘাইপথটোৰ জৰাজীৰ্ণ অৱস্থাই সম্প্ৰতি জীয়াতু ভোগাইছে অঞ্চলবাসী ৰাইজক ৷

15নং ৰাষ্ট্ৰীয় ঘাইপথে জ্বলাকলা খুৱাইছে বিশ্বনাথবাসীক
author img

By

Published : Apr 21, 2019, 8:20 PM IST

বিশ্বনাথ, ২১ এপ্ৰিল: বিশ্বনাথ চাৰিআলিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ জৰাজীৰ্ণ অৱস্থাই সম্প্ৰতি জীয়াতু ভোগাইছে অঞ্চলবাসী ৰাইজক ৷ বিশ্বনাথ চাৰিআলিৰ পৰা বিহালী বেদেতী গহপুৰলৈ যোৱা এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথটোত গড়কাপ্তানী বিভাগৰ অৱহেলাৰ কৃপাত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ । যাৰ ফলত সাধাৰণ ৰাইজে দুৰ্ভোগ ভোগাৰ লগতে পথ দুৰ্ঘটনাৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । এনে দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহুতো লোকে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ এনে দুৰাৱস্থাৰ পিচতো মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই গড়কাপ্তানী বিভাগে ।

15নং ৰাষ্ট্ৰীয় ঘাইপথে জ্বলাকলা খুৱাইছে বিশ্বনাথবাসীক

এই ক্ষেত্ৰত বিহালীৰ বিভিন্ন দল সংগঠনে বাৰম্বাৰ গড়কাপ্তানী বিভাগক পথ চোৱা নিৰ্মাণৰ কথা অৱগত কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ চৰকাৰৰ এই বিয়াগোম বিভাগটোৱে পথটোৰ উন্নয়নৰ বাবে কিবা পন্থা অৱলম্বন কৰিব নে হাৰাশাস্তি খাই অধিক জন-ধনৰ ক্ষতি হোৱালৈ বাট চাব সেইয়াহে লক্ষণীয় হ'ব ।

Intro:Slug_A_BEHALI_21A_801_804_PHOTO_VISUAL_SCRPT_TRIDIPBody:Slug_A_BEHALI_21A_801_804_PHOTO_VISUAL_SCRPT_TRIDIPConclusion:Slug_A_BEHALI_21A_801_804_PHOTO_VISUAL_SCRPT_TRIDIP

১৫নং ৰাষ্ট্ৰীয় ঘাইপথ পুখুৰীৰ সদৃশ

বিশ্বনা জিলাত বিহালীৰ মৰণফান্দত পৰিণত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

সকলো ক্ষেত্ৰতে অৱহেলিত হৈ আহিছে বিশ্বনাথ জিলা বিহালী সমষ্টিৰ ৰাইজ।
ৰে'ল ষ্টচনত ৰে'ল ৰখোৱা নামত ভেকো ভাওনা লগতে পাচ বছৰে ৰেল মন্ত্ৰীয়ে পতাৰণা কৰা লগতে যাত্ৰীবাহী ৰেল ৰখোৱা নামত পতাৰণা ।ইফালে একমাত্ৰ ৰেল সেৱা নামতে যে পতাৰণা কৰিছে সেয়া নহয় ।
এতিয়া বিহালীবাসীৰ বাবে মূৰৰ কামোৰণিৰ কাৰণ হৈ পৰিছে বিশ্বনাথ জিলা তথা বিহালী মাজেৰে যোৱা ১৫নং ৰাষ্টীয় ঘাইপথৰ দুৰৱস্থা। 
বিশ্বনাথ চাৰিআলিৰ পৰা বিহালী বেদেতী গহপুৰলৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথটি ঠাই বিশেষে বিপদজনকভাৱে হৈ পৰিছে পথ চোৱা অধিকাংশ অংশ তেই পুখুৰীৰ সদৃশ হৈ পৰা দেখা গৈছে । যাৰ ফলত সাধাৰণ ৰাইজে দুৰ্ভোগ ভোগাৰ লগতে পথ দুৰ্ঘটনাৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এনে দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহুলোক।

ৰাষ্ট্ৰীয় ঘাইপথৰ এনে দুৰৱস্থাৰ পিছতো মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই গড়কাপ্টনী বিভাগে ।

এই ক্ষেত্ৰত বিহালী বিভিন্ন দল সংগঠনে বাৰম্বাৰ গড়কাপ্টনী বিভাগক পথ চোৱা কথা অৱগত কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়া অভিযোগ উত্থাপিত হৈছে ।

বিহালী পৰা ত্ৰিদীপ দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.