বিশ্বনাথ, জুলাই 23 : অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত নেমচুৰ প্ৰতিবাদ ৷ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তিনিঘণ্টা ধৰি অৱস্থান ধৰ্মঘট কৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে ৷ বিশেষকৈ অসমৰ ভয়াৱহ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, গৰাখহনীয়াত ভূমিহীন হোৱা সকলক ভূমি আৰু গৃহ আৱন্টনৰ ব্যৱস্থা কৰি দিয়াৰ দাবী তোলে সংগঠনটোৱে ৷ ইয়াৰ লগতে ৰাজ্যৰ শেহতীয়া বানত মৃত্যু হোৱা সকলৰ পৰিয়ালক নগদ ২০ লাখ টকাৰ আৰ্থিক সাহাৰ্য আৰু চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰাৰো দাবী উত্থাপন কৰে ৷
উল্লেখ্য যে, অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে বিভিন্ন দল-সংগঠনে বহুবাৰ দাবী জনায় আহিছে যদিও এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই কেন্দ্ৰ চৰকাৰে ৷ যাৰ ফলত আজিও অৱহেলিত হৈ আছে অসমৰ বান ৷ ইয়াৰ বাবেই সংগঠনটোৱে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷