বিশ্বনাথ, 9 ডিচেম্বৰ: নতুন কৃষি আইন বাতিলৰ দাবীৰে দিল্লীত অৱস্থান কৰা কৃষকৰ প্ৰতি অসমৰ কৃষকৰ সমৰ্থন ৷ কৃষকসকলে আহ্বান জনোৱা বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বিহালী সমষ্টিতো ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷
দিল্লীত অৱস্থান কৰা কৃষকসকলে মঙলবাৰে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি সমৰ্থন জনাই কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তৰ সমষ্টিত বিহালীত মঙলবাৰে চিপিআই(এম-এল)আৰু কংগ্ৰেছৰ নেতৃত্বত ঠায়ে ঠায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰা পৰিলক্ষিত হয় ৷
![pm modis effigy burnt in behali](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9814066_image_behali.jpg)
বন্ধৰ সময়ছোৱাৰ পৰিৱৰ্তে পুৱাৰে পৰাই বৰগাং, বিহালী, বেদেতী, জিনজিয়া আৰু ৰতোৱা চেন্টাৰকে ধৰি ভিতৰুৱা অঞ্চলসমূহৰো দোকান-পোহাৰ সম্পূৰ্ণ বন্ধ থকাৰ লগতে যানবাহন চলাচলো বন্ধ থাকে ৷
ইফালে বন্ধৰ সমৰ্থনত চিপিআই(এম-এল) ৰ দলীয় কৰ্মী, নৰোত্তম চুণ্ডী, জ্যোতিপ্ৰকাশ বৰা, পৰিমল গোড় আৰু উৰ্মিলা পাইকৰ নেতৃত্বত ধেমাজিবাৰী আৰু মোনাবাৰী বস্তি, ৰতোৱা চেন্টাৰ, কুঁহিয়াৰবাৰী বঙালী গাঁও, বৰগাং চাহ বাগিছা আদি অঞ্চলৰ ধাননি পথাৰত কৃষকসকলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰে ৷ বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাৰ নেতৃত্বতো বিহালীৰ বেদেতীৰ ধাননি পথাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰা হয়।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ শীৰ্ষ নেতাসকলে নতুন কৃষি আইন বাতিল কৰি কৃষকৰ সুৰক্ষাৰ প্ৰচলিত আইন পুনৰ বলবৎ কৰাৰ দাবী জনায় ৷ প্ৰতিবাদকাৰী নেতা সকলে মন্তব্য কৰে যে, বিহালীত উৎপাদিত আলুয়ে অসমৰ লগতে চুবুৰীয়া ৰাজ্যতো যোগান ধৰিবলৈ সক্ষম হৈছে । কৃষকসকলে দুটকা-তিনি টকা দৰত তেওঁলোকৰ উৎপাদিত আলু বিক্ৰী কৰিবলগীয়া হোৱাৰ পৰিৱৰ্তে বৰ্তমান সেই আলুৰ মূল্য 60 টকা হৈছেগৈ বুলিও প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে।
তেওঁলোকে অভিযোগ কৰি কয় যে, এই সমগ্ৰ প্ৰক্ৰিয়াৰ মাজত লাভাংশ মধ্যভোগীয়েহে ভোগ কৰে ৷ সেয়ে বিহালীৰ কৃষক সকলৰ বাবে আলুৰ নূন্যতম সামৰ্থ মূল্য নিৰ্ধাৰিত হ'ব লাগে বুলি জ্যোতিপ্ৰকাশ বৰাই উল্লেখ কৰে ৷
লগতে পঢ়ক: ভাৰত বন্ধ প্ৰযোজ্য কৰাৰ অভিযোগত নিলম্বিত আৰক্ষীৰ উপ পৰিদৰ্শক