ETV Bharat / state

এককালীন সাহাৰ্য প্ৰদানৰ দাবীত কলগাছিয়াত মটৰ শ্ৰমিকৰ প্ৰতিবাদ

author img

By

Published : Jun 2, 2021, 8:40 PM IST

এককালীন সাহাৰ্য প্ৰদানৰ দাবীত কলগাছিয়াত মটৰ শ্ৰমিক সকলে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ইয়াৰ লগতে স্থায়ীভাৱে মটৰ শ্ৰমিক কল্যাণ আইন কাৰ্যকৰী কৰিবলৈ চৰকাৰক দাবী জনায় মটৰ শ্ৰমিক সকলে ৷

Motor workers protest
এক কালীন সাহাৰ্য প্ৰদাণৰ দাবীত কলগাছিয়াত মটৰ শ্ৰমিকৰ প্ৰতিবাদ

জনীয়া, 2 জুন : ক'ৰণা মহামাৰীৰ বাবে চৰকাৰে ঘোষণা কৰা মিনি ল'কডাউনৰ ফলত আন্তঃজিলা যাতায়ত বন্ধ থকাৰ বাবে লাখ লাখ মটৰ শ্ৰমিকে কাম হেৰুৱাই ঘৰত অনাহাৰে দিন অতিবাহিত কৰিব লগা হৈছে। সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ পৰা অসম চৰকাৰৰ ওচৰত কেইদিনমান পূৰ্বে এই মটৰ শ্ৰমিক সকলৰ বাবে এককালীন সাহাৰ্য বিচাৰি স্মাৰক পত্ৰ দিয়া হৈছিল ।

কলগাছিয়াত মটৰ শ্ৰমিকৰ প্ৰতিবাদ

কিন্তু চৰকাৰে মটৰ শ্ৰমিক সকলৰ বাবে কোনো ইতিবাচক ব্যৱস্থা গ্ৰহণ নকৰাত পৰিষদে আজি ৰাজ্যজুৰি শ্ৰমিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰে ৷ ইয়াৰ লগত সংগতি ৰাখিয়ে কলগাছিয়াত মটৰ শ্ৰমিকৰ পক্ষৰ পৰা ক'ভিড নিয়ম মানি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

কাৰ্যসূচীত হাতে হাতে বেনাৰ পোষ্টাৰ লৈ কুৰিৰো অধিক মটৰ শ্ৰমিকে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মটৰ শ্ৰমিক সকলে ক'ৰণা পৰিস্থিতিত এককালীন সাহাৰ্য আৰু স্থায়ীভাৱে মটৰ শ্ৰমিক কল্যাণ আইন কাৰ্যকৰী কৰিবলৈ চৰকাৰক দাবী জনায়।

লগতে পঢ়ক: কেতিয়া সম্পূৰ্ণ হৈ উঠিব টীয়কৰ ফ’ৰলেনযু্ক্ত পথ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.