ETV Bharat / state

বিহালীৰ চেৰেলীয়া মোনাবাৰীত বহুকেইটা ৰাজহুৱা ভৱনৰ আধাৰশিলা স্থাপন

author img

By

Published : Sep 9, 2020, 3:10 PM IST

বহুকেইটা ৰাজহুৱা ভৱন আৰু পথৰ মেৰামতি কামৰ আধাৰশিলা স্থাপন কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ ৷ বিহালীৰ চেৰেলীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বিহালী চাহ বাগিছাত আধাৰশিলা স্থাপন ৷ চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনি-ধনেৰে আনুষ্ঠানিকভাৱে ৰাজহুৱা ভৱনকেইটাৰ আধাৰশিলা স্থাপন ৷ সাধাৰণ ৰাইজৰ দীৰ্ঘদিনীয়া এক অভাৱ সমাধান হোৱাৰ আশা ৷

ৰাজহুৱা ভৱন আৰু পথ মেৰামতি কামৰ আধাৰশিলা স্থাপন কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ

বিশ্বনাথ, 8 চেপ্টেম্বৰ: বিহালীৰ উন্নয়ন খণ্ডৰ চেৰেলীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বিহালী চাহ বাগিছাত চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিৰ-ধনেৰে বহুকেইটা ৰাজহুৱা ভৱনৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী ৰঞ্জিৎ দত্তই ৷ সোমবাৰে ৰাজ্যৰ জেষ্ঠ কেবিনেট মন্ত্ৰী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই আনুষ্ঠানিকভাৱে বিহালী উন্নয়ন খণ্ডৰ চেৰেলীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বিহালী চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয় ৰাজহুৱা ভৱন, বিহালী চাহ বাগিছাৰ ৮ নং লাইনৰ গীৰ্জা প্ৰাংগণত ৰাজহুৱা ভৱন,কেটেলা চেন্টাৰৰ সমীপত মনসা পূজা মণ্ডপ আৰু কেটেলাস্থিত কুশল কোঁৱৰ মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত ৰাজহুৱা ভৱনৰ আধাৰশিলা স্থাপন কৰে ৷ একে দিনাই SOPD-G আঁচনিৰ অধীনত বিহালী মোনাবাৰী নিউ লাইনৰ পৰা মোনাবাৰী চাহ বাগিচা সংযোগী পথ আৰু লাহৰীজান মোনাবাৰী বাগানৰ সংযোগী পথৰ মেৰামতি কামৰো আধাৰশিলা স্থাপন কৰে ৷

চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনি-ধনেৰে বহুকেইটা ৰাজহুৱা ভৱনৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী ৰঞ্জিৎ দত্তই

আধাৰশিলা স্থাপনৰ পাছতে কেটেলা চাহ বাগিছা প্ৰাংগণত আয়োজন কৰা স্থানীয় সমাজসেৱক অজিত মুদৈয়ে আঁতধৰা অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দত্তৰ লগতে চেৰেলীয়া গাঁও পঞ্চায়তৰ সভাপতি বিকো কেওঁট,বিহালী উন্নয়ন খণ্ডৰ অভিযন্তা কুশল বৰাকে আদি কৰি অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ স্থানীয় বিধায়ক তথা মন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰা এই পদক্ষেপক লৈ অঞ্চলবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰে ৷ এই পদক্ষেপৰ জড়িয়তে বিহালীৰ কেটেলাবাসীৰ লগতে চাহ বাগিছাবাসী সাধাৰণ ৰাইজৰ দীৰ্ঘদিনীয়া এক অভাৱ সমাধান হ'ব বুলি অঞ্চলবাসী ৰাইজে আশা প্ৰকাশ কৰে ৷

লগতে চাওকঃ বাংগালুৰু বিমান বন্দৰত জব্দ 1 কোটিতকৈও অধিক মূল্যৰ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.