ETV Bharat / state

বিহালী স্নাতক মহাবিদ্যালৰ পৰ্যালোচনা সভাত মন্ত্ৰী ৰঞ্জিত দত্ত

বিহালী স্নাতক মহাবিদ্যালয়ৰ পৰ্যালোচনা সভাত উপস্থিত থাকে অসম চৰকাৰ কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্ত । বিহালী স্নাতক মহাবিদ্যালয়ত বিজ্ঞান শাখা অনুমোদন দিয়াৰ বাবে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই ৰঞ্জিত দত্তই ৷

Minister Ranjit Dutt Attended At Biswanath District
কোনো প্ৰতিবাদ নকৰাকৈ মহাবিদ্যালয় খনে বিজ্ঞানশাখা লাভ কৰিছেঃৰঞ্জিত দত্ত
author img

By

Published : Aug 18, 2020, 11:00 PM IST

বিশ্বনাথ, ১৮ আগষ্টঃ বিশ্বনাথ জিলাৰ বিহালী সমষ্টি অন্যতম উচ্চশিক্ষাৰ প্ৰাণকেন্দ্ৰ বিহালী স্নাতক মহাবিদ্যালয় । 1989 চনতে স্থাপিত মহাবিদ্যালয় খনত নতুনকৈ সংযোজন হৈছে বিজ্ঞান শাখা । ইতিমধ্যে অসম চৰকাৰৰ অসম উচ্চ শিক্ষা বিভাগৰ পত্ৰ নং AHE598/2018/20dtd, Dispur the 31 st July 2 020 নিদেৰ্শ অনুসৰি অসমত ১৬ খন মহাবিদ্যালয়লৈ বিজ্ঞান শাখা সংযোজন কৰা অনুমতি প্ৰদান কৰিছিল । এই নিৰ্দেশ অনুসৰি প্ৰতিখন মহাবিদ্যালয়ত ১৫ গৰাকীকৈ সহকাৰী অধ্যাপক লগতে ৫ গৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰী নিযুক্তি প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল ।

ইফালে চৰকাৰৰ নিৰ্দেশৰ পাছতেই মঙলবাৰে বিহালী মহাবিদ্যালয় পৰিচালনা সমিতি উদ্যোগত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰে মহাবিদ্যালয় খনৰ তৰফৰ পৰা । যিহেতু মহাবিদ্যালয় খনত বিজ্ঞান শাখা নতুনকৈ সংযোজন হ'ল তাৰ পৰিৱৰ্তে ছাত্র-ছাত্রী সকল শৈক্ষিক দিশৰ ওপৰত মঙলবাৰে বিহালী সমষ্টিৰ বিশিষ্ট সমাজ কৰ্মী বিশ্বনাথ জিলা উপায়ুক্ত আৰু অসম চৰকাৰৰ বস্ত্ৰশিল্প আৰু ৰেচম মন্ত্ৰী ৰঞ্জিত দত্তৰ উপস্থিতিত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।

কোনো প্ৰতিবাদ নকৰাকৈ মহাবিদ্যালয় খনে বিজ্ঞানশাখা লাভ কৰিছেঃৰঞ্জিত দত্ত

মন্ত্ৰী ৰঞ্জিত দত্তই সভাত উল্লেখ কৰে যে, বিহালীবাসীয়ে কোনো কষ্ট নকৰাকৈ, প্ৰতিবাদ নকৰাকৈ মহাবিদ্যালয় খনে বিজ্ঞানশাখা লাভ কৰিছে ৷ তাৰ বাবে আমি শিক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ দিব লাগিব । ইফালে চৰকাৰে মহাবিদ্যালয় খনলৈ যি ১ কোটি টকা অনুদান আগবঢ়াইছিল তাৰ ভিতৰত ইতিমধ্যে ৫০ লাখ টকা আবন্টন মহাবিদ্যালয়ে লাভ কৰিছে ।
আনহাতে, সভাত বিশ্বনাথ জিলা উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসও উপস্থিত থাকে ৷ তেওঁ মন্তব্য কৰে যে, শিক্ষা কেন্দ্ৰ গঠন কৰা ক্ষেত্ৰত আন ৰাজ্যতকৈ অসম পৃথক ৷ কাৰণ অসমত শিক্ষা অনুষ্ঠান গঢ় দিয়ে ৰাইজে সংৰক্ষণ কৰে চৰকাৰে ৷ কিন্তু আন ৰাজ্যত চৰকাৰে হে বিদ্যালয়- মহাবিদ্যালয় গঢ় দিয়ে সেই বাবে অসমৰ শিক্ষা আন কোনো ৰাজ্য লগত তুলনা নহয় ।

লগতে পঢ়ক- চিৰাঙত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰঃ শংকিত বিটিচি বাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.