ETV Bharat / state

জৰাশৰ নৈৰ ভয়াবহ খহনীয়াত সৰ্বস্বান্ত কৃষক ৰাইজ

author img

By

Published : Aug 16, 2019, 8:49 PM IST

ৰঙাপাৰাৰ মোলানগাঁৱত জৰাসৰ নৈৰ ভয়ংকৰ গৰাখহনীয়া ৷ নৈত জাহ গৈছে শ শ বিঘা কৃষি ভূমি ৷

জৰাশৰ নৈৰ ভয়াবহ খহনীয়াত সৰ্বস্বান্ত কৃষক ৰাইজ

ৰঙাপাৰা, 16 আগষ্টঃ চতিয়া সমষ্টিৰ অন্তৰ্গত মোলানগাঁৱত জৰাসৰ নৈৰ গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ নৈখনৰ বুকুত জাহ গৈছে দুখীয়া কৃষকৰ ৰাইজৰ শ শ বিঘা কৃষিভূমি ৷ মানশিৰি আৰু কয়লাজুলি নদীৰ পানী জৰাসৰ নদীত মিলিত হৈ বাঢ়নী পানীয়ে পানীৰ গতিবেগ বৃদ্ধি কৰাত গৰাখহনীয়াই অঞ্চলটোত তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে । কেৱল কৃষি ভূমিয়েই নহয় অতিশীঘ্ৰে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে নৈপৰীয়া ৰাইজৰ ঘৰবাৰী সকলো নৈখনৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ গাওঁখনৰ ভুক্তভোগী ৰাইজে স্থানীয় বিধায়ক পদ্ম হাজৰিকা আৰু জলসম্পদ বিভাগক গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ।

Intro:ৰঙাপৰাৰ মোলানগাঁৱত জৰাসৰ নৈৰ ভয়ংকৰ গৰাখহনীয়াঃ নৈত জাহ গল শ শ বিঘা কৃষি ভূমিBody:ৰঙাপৰাঃঃ চতিয়া সমষ্টিৰ অন্তৰ্গত মোলানগাঁৱৰ জৰাসৰ নৈৰ তীব্ৰ গৰাখহীয়া। নৈখনৰ বুকুত জাহ গ’ল দুখীয়া কৃষকৰ ৰাইজৰ শ শ বিঘা কৃষিভুমি ৷ ৰঙাপৰাৰ কলনী চাহ বাগিচাৰ আৰু মোলানগাঁৱৰ মাজেৰে বৈ যোৱা জৰাসৰ নৈয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছে। নৈখনৰ বুকুত জাহ গ’ল দুখীয়া কৃষক ৰাইজৰ শ শ বিঘা কৃষি ভুমি ৷ যাৰবাবেই চিন্তিত হৈ পৰিছে গাঁও খনৰ কৃষক ৰাইজ ৷ কেবল কৃষি ভুমিয়ে নহ’য় অতিশীঘ্ৰে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহন নকৰিলে নৈপৰীয়া ৰাইজৰ ঘৰবাৰী সকলে নৈখনৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ মানশিৰি আৰু কয়লাজুলি নদীৰ পানী জৰাসৰ নদীখনত মিলিত হোৱাত বাঢ়নী পানীয়ে নদীখনৰ পানীৰ গতিবেগ বৃদ্ধি কৰাত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে। জৰাসৰ নদীৰ ব্যাপক গৰাখহনীয়াই মোলানগাঁওৰ কৃষক ৰাজু মুণ্ডাৰ এঘাৰ জোপা বাহ গছকে ধৰি চাৰি বিঘা কৃষি ভূমি নৈখনৰ বুকুত ইতিমধ্যে জাহ গৈছে । তাৰোপৰি গাঁওখনৰ নিৱাসী চয় ধানোৱাৰ ১ বিঘা, বাওনা ওৰাঙৰ ৩ বিঘা, চন্দ্ৰ বাহান নায়কৰ ১০ বিঘা, ৰাজেন দাসৰ ১ বিঘা, নাৰায়ণ দাসৰ ৭ বিঘা কৃষি ভূমি ইতিমধ্যে নদীৰ বুকুত জাহ গল। অনাগত দিনত নদীখনত ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগ বা গাঁও পঞ্চায়তে খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহলে কেইবাজনো কৃষক ৰাইজৰ কৃষি ভূমি নদীৰ বুকুত জাহ যোৱাৰ লগতে ৰাজু মুণ্ডাৰ মাটি-ভেটি নিশ্চিহ্ন হোৱাটো এক প্ৰকাৰৰ নিশ্চিত। ইপিনে, খহনীয়া হোৱা ঠাইত জিলা প্ৰশাসন তথা সংশ্লিষ্ট কৰ্তৃপক্ষই খহনীয়াগ্ৰস্ত লোকসকলৰ কোনো ধৰণৰ খা-খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী স্থানীয় ৰাইজে। চতিয়া সমষ্টিৰ অন্তৰ্গত উক্ত গাঁৱখনৰ ৰাইজে বিধায়ক পদ্ম হাজৰিকাক আৰু জলসম্পদ বিভাগক গৰাখনহীয়া প্ৰতিৰোধ কৰাৰ বাবে দাবী জনাইছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.